লখিমপুৰ, 1 ডিচেম্বৰ :আজি বিশ্ব এইডছ দিৱস(World AIDS Day) ৷ এইডছ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে বহুকেইটা ব্যৱস্থা প্ৰণালী বাহাল ৰাখিছে ৰাজ্য চৰকাৰে ৷ কিন্তু তথাপিও ৰাজ্যত বৰ্তি আছে সংক্ৰমণৰ মাত্ৰা ৷ শেহতীয়াকৈ ৰাজ্যৰ লখিমপুৰত জিলাত বৃদ্ধি পাইছে HIV+ ৰোগীৰ সংখ্যা(HIV Positive Cases increases in lakhimpur) ৷
তথ্য অনুসৰি, জিলাখনত বৰ্তমানলৈ HIV ত আক্ৰান্ত হৈছে 81 গৰাকীকৈ ব্যক্তি ৷ আক্ৰান্তসকলৰ ভিতৰত 9 গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে 77 গৰাকী ৰোগী ৷ মাৰাত্মক এইডছত আক্ৰান্ত লোকসকলক বিগত তিনি বছৰৰ পৰা সাত বছৰৰ ভিতৰত HIV+ বুলি চিনাক্ত কৰি ৰোগীসকলক ঘৰতে চিকিৎসা প্ৰদান কৰি আহিছে লখিমপুৰ স্বাস্থ্য বিভাগে ৷
কিন্তু চলিত বৰ্ষৰ এপ্ৰিল-মাৰ্চ মাহত লখিমপুৰৰ দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এইডছৰ উপস্থিতি ৷ মূলতঃ অবৈধ শাৰীৰিক সম্পৰ্কৰ পৰাই জিলাখনত ভয়াৱহ ৰূপত এইডছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে লখিমপুৰৰ এইডছ নিয়ন্ত্ৰণ পৰিষদে(AIDS Control Council Lakhimpur) ৷