অসম

assam

By

Published : Nov 25, 2020, 1:19 PM IST

ETV Bharat / state

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰত উত্তপ্ত পৰিস্থিতি

লখিমপুৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটিলে লখিমপুৰৰ চাউলধোৱাৰ শিখামণিয়ে ৷ ৰাইজৰ অভিযোগ পৰিকল্পিকত ভাৱে হত্যা কৰা হৈছে শিখামণিক ৷ স্বামী তথা শহুৰ শাহুৱেকৰ শাস্তিৰ দাবী তুলি চাউলধোৱা আৰক্ষী চকী চৌহদত শতাধিক পুৰুষ মহিলাৰ প্ৰতিবাদ ৷ স্বামী মানৱজ্যোতি আৰু শহুৰ শাহুৱেকক আটক ৷

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰত উত্তপ্ত পৰিস্থিতি
বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰত উত্তপ্ত পৰিস্থিতি

লখিমপুৰ, 25 নৱেম্বৰ:লখিমপুৰৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ লখিমপুৰৰ চাউলধোৱাৰ মিলিজুলিত 8 মহীয়া কন্যা সন্তানৰ মাতৃক স্বামী,শহুৰ- শাহুৱে মিলি পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ ৷ ঘটনাক কেন্দ্ৰ কৰি চাউলধোৱা আৰক্ষী চকীৰ চৌহদত শতাধিক পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ ৷

মৃত শিখামণিক হত্যা কৰাৰ অভিযোগত ৰাইজৰ প্ৰতিবাদ

জানিব পৰা মতে মিলিজুলিৰ নিবাসী মানৱজ্যোতি শইকীয়াৰ পত্নী শিখামণি শইকীয়া (22)ৰ স্বাস্থ্যৰ অতি সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে কালি দিনৰ ভাগত প্ৰথমে চিকিৎসাৰ বাবে আনন্দ বাগানৰ এখন ফাৰ্মাচীলৈ লৈ যোৱাৰ পিছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত লখিমপুৰ চহৰলৈ লৈ যায় যদিও সন্ধিয়া পাঁচমান বজাত চিকিৎসাধীন অৱস্থাত মহিলা গৰাকীৰ মৃত্যু ঘটে ৷

মৃত্যুৰ পাছত শিখামণিৰ মৃতদেহ স্বামী গৃহলৈ অনাৰ পাছতেই প্ৰায় তিনি শতাধিক ৰাইজে স্বামী মানৱজ্যোতি শইকীয়া তথা তেওঁৰ পিতৃ-মাতৃ ক্ৰমে দাদু শইকীয়া আৰু জীৱেশ্বৰী শইকীয়াই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগেৰে মানৱজ্যোতি শইকীয়াৰ ঘৰ ঘেৰাও কৰি নিশা পৰ্যন্ত পৰিৱেশ উত্তপ্ত কৰি তোলে ৷ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা স্বামী তথা শহুৰ শাহুৱেকে যৌতুক বিচাৰি শিখামণিক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল ৷

শিখামণিৰ পিতৃ মাতৃয়ে অভিযোগ কৰে যে প্ৰায় চাৰিদিন আগলৈকে সম্পূৰ্ণৰূপে সুস্থ হৈ থকা শিখামণিৰ ওপৰত অত্যাচাৰৰ চৰম সীমা চেৰাই ককাল পৰ্যন্ত ভাঙি ,মাথো শেষ সময়ত চিকিৎসালয়লৈ নিয়াৰ অভিনয় কৰি স্বামীৰ পৰিয়ালে তেওঁক পৰিকল্পিত হত্যা কৰে ৷

ৰাইজে পৰিৱেশ উত্তপ্ত কৰি তোলাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নিশা ঘটনাস্থলীত উপস্থিত হৈ চাউলধোৱা আৰক্ষীয়ে মৃত শিখামণিৰ স্বামীৰ লগতে শহুৰ আৰু শাহুৱেকক আটক কৰি আৰক্ষী চকীলৈ অনাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ঘটনা সন্দৰ্ভত শিখামণিৰ পিতৃ-মাতৃ গকুল শইকীয়া আৰু জুনু শইকীয়া তথা ৰাইজে পৃথকে পৃথকে চাউলধোৱা আৰক্ষী চকীত দুখনকৈ এজাহাৰ দাখিল কৰাৰ উপৰিও তিনিওগৰাকীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চাউলধোৱা আৰক্ষী চকীত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আৰক্ষীয়ে অভিযুক্ত স্বামী, শহুৰ শাহু তিনিওজনকে জে'ললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশত কিশোৰীক অশালীন ইংগিতঃ আত্মহত্যা

ABOUT THE AUTHOR

...view details