লখিমপুৰ, ২২ আগষ্ট : লখিমপুৰত আছে অসমৰ সৰ্ববৃহৎ গাঁওখন । চৰকাৰীভাৱে ঘোষিত নহ’লেও গাঁওখন অসমৰ ভিতৰতে সৰ্ববৃহৎ গাঁও বুলি দাবী কৰে সেই অঞ্চলৰ ৰাইজে । কিছু বছৰৰ আগলৈকে শুৱালকুছি অসমৰ সৰ্ববৃহৎ গাঁও বুলি পৰিচিত আছিল যদিও শুৱালকুছি দ্বি-বিভক্ত হোৱাৰ পিচত লখিমপুৰৰ এই গাঁওখন বৃহৎ গাঁৱৰ শাৰীলৈ উন্নীত হয় । অৱশ্যে চৰকাৰীভাৱে গাঁওখন অসমৰ ভিতৰত সৰ্ববৃহৎ গাঁও বুলি এই পৰ্যন্ত ঘোষণা কৰা নাই ।
আমি উল্লেখ কৰা এই গাঁওখন আছে লখিমপুৰ নগৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ নিলগৰ বৃহত্তৰ পানীগাঁও অঞ্চলত । গাঁওখনৰ নাম বছাগাঁও । আহোম ৰাজত্বৰ কালত বছা বছা কিছুমান বিষয়াক আনি এই এলেকাত সংস্থাপন কৰাৰ বাবেই গাঁওখনৰ নাম বছাগাঁও হ’ল বুলি প্ৰবাদ আছে । দীঘলে তিনি কিলোমিটাৰ, বহলে এক কিলোমিটাৰ গাঁওখনৰ আছে দুজনকৈ গাঁও প্ৰধান ।
গাঁওখনত ১৭ শ পৰিয়াল, দহ সহস্ৰাধিক জনসংখ্যা, ছখনকৈ শিক্ষানুষ্ঠান, ১৮ টা বিভিন্ন সামাজিক অনুষ্ঠান, ৫ টা মন্দিৰ, ৫ টা নামঘৰকে ধৰি ভালেমান অনুষ্ঠান আছে । তিনিটা ৱাৰ্ডৰে গঠিত এই গাঁওখনত আছে কেতবোৰ পৌৰাণিক সমল । যিবোৰ খনন কৰিলে নিস্তব্ধ ইতিহাসৰ অনেক সমল লোকচক্ষুৰ আগত ধৰা দিব বুলি গাঁওবাসীয়ে দাবী কৰে ।