অসম

assam

ETV Bharat / state

Hindu Yuva Chatra Parishad protest: সভাপতিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে মুখত কলা কাপোৰ বান্ধি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক সমিতি

বুধবাৰে সন্ধিয়াৰ পূৰ্বে লখিমপুৰ সদৰ থানাত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ একাংশ সদস্যই । পুৱাৰ ভাগত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিৰ পাচত আৰক্ষীয়ে পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক আটক কৰাৰ বাবে সদস্য সকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

HYCP protest against the detain of the central leadership
মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ

By

Published : Jul 19, 2023, 8:23 PM IST

মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ

লখিমপুৰ, ১৯ জুলাই :হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিৰ পাচত পৰিষদৰ সভাপতি বলেন বৈশ্যক আটক কৰা ঘটনাত মুখত ক'লা কাপোৰ বান্ধি হিন্দু যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিছে এনে প্ৰতিবাদ । উল্লেখ্য যে, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক সমিতিৰ সহযোগত লখিমপুৰ নগৰৰ গোপীনগৰত এক বৌদ্ধিক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছিল । বিগত ১৭ জুলাইৰ পৰা আৰম্ভ হোৱা এই শিবিৰৰ কাৰ্যক্ৰম অহা ২২ জুলাই লৈকে চলাৰ কথা আছিল । কিন্তু বুধবাৰে এই কাৰ্যক্ৰমত যতি পৰে ।

শিবিৰটোত পুৱা বেলা প্ৰশিক্ষণৰ কাৰ্যসূচী চলি থকাৰ সময়তে সমীপৰে জাকিৰ হুছেইন নামৰ এজন যুৱকে শিবিৰটোলৈ আহি তেওঁৰ চৌহদত থকা এখন পতাকা, পৰিষদৰ কেনো লোকে ফালি পেলোৱাৰ অভিযোগ তোলে । ইয়াকে লৈ বাদ-বিবাদৰ সৃষ্টি হয় । পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত পৰিষদৰ তৰফৰ পৰা আৰক্ষীক খবৰ দিয়া হয় । পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ শিবিৰটোত উপস্থিত হোৱাৰ সময়ত তেওঁ জাকিৰ হুছেইনৰ লগতে পৰিষদৰ নেতৃত্বক থানালৈ নিবলৈ বিচাৰে যদিও পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যৰ সৈতে তৰ্কৰ সুত্ৰপাত হয় । অৱশেষত আৰক্ষীয়ে বলপূৰ্বক তেওঁলোক সকলোকে থানালৈ লৈ যায় ৷

পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য, লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত, তিনিচুকীয়া জিলা সমিতি ৰ সভাপতি সূৰ্য চক্ৰৱৰ্তীৰ লগতে বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক সভাপতি জনাৰ্দন দেৱ গোস্বামীক থানালৈ লৈ যোৱা হয় । এই সময়ত শিবিৰটোত থকা পৰিষদৰ সদস্যসকলে আৰক্ষী বিৰোধী শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । আটকাধীন সকলৰ ভিতৰৰ জনাৰ্দন দেৱ গোস্বামীক থানা পোৱাৰ পাচতে আৰক্ষীয়ে যাবলৈ দিয়ে ।

আন কেইজনক সদৰ থানাতে আৱদ্ধ কৰি ৰখাৰ পাচত সন্ধিয়াৰ আগে আগে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে । সেই সময়তে পৰিষদৰ একাংশ সদস্যই সদৰ থানাৰ চৌহদত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ জনায় । সন্ধিয়া পৰ্যন্ত আটকাধীন কেইজনক সদৰ থানাতে ৰখা হৈছে । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই । আনহাতে পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে চৰকাৰকো কঠোৰ সমালোচনা কৰে ।

লগতে পঢ়ক :Intellectual training camp in Lakhimpur: SP আনন্দ মিশ্ৰই গতিয়াই আটক কৰিলে HYCPৰ সভাপতিক

ABOUT THE AUTHOR

...view details