অসম

assam

ETV Bharat / state

Anti China protests in Lakhimpur : লখিমপুৰত হিন্দু যুৱ ছাত্র পৰিষদে জ্বলালে চীনৰ পতাকা, চীনা সামগ্রী - প্ৰতিবাদ সাব্যস্ত

বৃহস্পতিবাৰে বিয়লি লখিমপুৰ নগৰত চীনৰ পতাকা, চীনা সামগ্রী দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু যুৱ ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ৷ চীনা আগ্ৰাসনৰ বিৰুদ্ধে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে ৷

Hindu Uuva Chatra Parishad Burnt Chinese Flag
চীনা সামগ্ৰী বৰ্জনৰ আহ্বান

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:34 PM IST

হিন্দু যুৱ ছাত্র পৰিষদে জ্বলালে চীনৰ পতাকা

লখিমপুৰ, ১৯ অক্টোবৰ : লখিমপুৰৰ ৰাজপথত চীনৰ পতাকা দাহ কাৰ্যসূচীৰে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ ৷ বৃহস্পতিবাৰে লখিমপুৰৰ ৰাজপথত চীনৰ পতাকা দাহ কাৰ্যসূচীৰে প্রতিবাদ সাব্যস্ত কৰি অসমৰ জনগণক চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনায় হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ লখিমপুৰ জিলা সমিতিয়ে ৷ জিলা সদৰৰ মালপানী চাৰিআলিত বিয়লি চীনৰ পতাকা দাহ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পৰিষদে ৷

চীনৰ পতাকা, চীনা সামগ্রী দাহ কৰি পৰিষদৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয় যে, ২৮ আগষ্টত চীনে প্ৰকাশ কৰা ষ্টেণ্ডাৰ্ড মেপৰ জৰিয়তে তেওঁলোকৰ দেশৰ মানচিত্ৰত ভাৰতৰ আকচাই চীনকে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অন্তর্ভূক্ত কৰিছে, য’ত ইতিমধ্যেই চীনৰ সৰ্বাধিক প্ৰচাৰিত বাতৰি কাকত 'গ্লৱেল টাইমছ'ত বিষয়টো প্ৰকাশ পাইছে ৷ অসমৰ সংবাদ মাধ্যমতো এই বিষয়টো প্ৰকাশ পাইছিল যদিও ৰাইজে অসমৰ উচ্ছেদ অভিযান, বাল্যবিবাহ অভিযান, কৃটিম বানপানী আৰু মণিপুৰৰ ঘটনাৰ সন্মুখত চীনে নিজৰ মানচিত্ৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অন্তর্ভূক্ত কৰাৰ ঘটনাটোৱে প্ৰাধান্য নাপালে বুলি তেওঁলোকে খেদ প্ৰকাশ কৰে ৷

তেওঁলোকে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক চীনে নিজৰ মানচিত্ৰত অন্তৰ্ভূক্ত কৰা কাৰ্যত কেন্দ্ৰীয় চৰকাৰে মৌনতা অৱলম্বন কৰা কাৰ্য গৰিহণাৰ যোগ্য ৷ যিদৰে ১৯৬২ চনত অসমৰ তদানীন্তন প্রধানমন্ত্ৰীৰ জৱহৰলাল নেহৰুৱে বিদায় দিয়াৰ দৰে বৰ্তমানৰ দিল্লীৰ নিস্ক্রিয় ভূমিকাইয়ো অসমৰ ৰাষ্ট্ৰবাদী জনসাধাৰণক চিন্তিত কৰি তুলিছে ৷ ইতিমধ্যে চীনে পূৰ্ব্বতে টাইৱানৰ ক্ষেত্ৰত ভাৰতক হস্তক্ষেপ নকৰিবলৈ সকিয়াই থোৱাও উদাহৰণ আছে বুলি কৈ পৰিষদে চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰক কঠোৰ পদক্ষেপ লবলৈ দাবী জনায় ৷ আনহাতে দেশৰ আৰু ৰাজ্যৰ জনসাধাৰণকো চীনক অর্থনৈতিকভাৱে বহিস্কাৰ কৰাৰ বাবে আহ্বান জনায় ৷

অসমৰ ক্ষেত্ৰত চীনক বিৰোধিতা কৰাৰ বাবে অতি ভয়ানক কাৰণ থকাৰ কথা উল্লেখ কৰি পৰিষদে কয় যে শত্ৰু ৰাষ্ট্ৰ চীনে অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল তীব্বতত নদীখনক বান্ধি অসমখনক মৰুভূমিলৈ ৰূপান্তৰিত কৰাৰ লগতে বিশ্বৰ বৃহৎ নদীদ্বীপৰ গৰাকী হোৱাৰ গৌৰৱো কাঢ়ি নিব উলাইছে ৷ ইয়াৰ পিছতো একাংশ লোকে সস্তীয়া মূল্যৰ দোহাই দি চীনা সামগ্রী ক্রয়-বিক্ৰয়ৰ পক্ষত থিয় দিয়ে তেন্তে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে তেনে লোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা লবলৈ কুণ্ঠাবোধ নকৰিব বুলি কয় ৷

লগতে পঢ়ক :Deforestation in Assam : উন্নয়নৰ নামত জোনাইত বন বিভাগৰ বন ধ্বংসযজ্ঞ !

ABOUT THE AUTHOR

...view details