লখিমপুৰ, 13 ডিচেম্বৰ :ধৰ্মৰ ভিন্নতাৰ গইনা লৈ বহুতে সমাজত সৃষ্টি কৰে বিশৃংখলতাৰ ৷ বহুতেই মানুহ ভেদে বিচাৰি পায় ভিন্নৰঙী তেজ ৷ অস্থায়ী জীৱনৰ পিচল বাটত আগুৱাই যাবলৈও যেন বিচাৰি ফুৰে ধৰ্মৰ শিকলি ৷ যেন ধৰ্মীয় গোড়ামিতেই বিচাৰি ফুৰে সাৰ্থক জীৱনৰ মাদকতা ৷ কিন্তু সকলো তেনে নহয় ৷ জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পোৱা একাংশও মাজে-সময়ে চৰ্চালৈ আহে ৷ আজি আপোনাক দেখুৱাম ঠিক তেনে এক উদাহৰণ ৷
সম্প্ৰীতিৰ এনাজৰীডাল নিকপকপীয়া হৈ আছে লখিমপুৰৰ নকাৰীত ৷ সকলো লোকেই অন্তিম শয়নলৈকেহে যে হিন্দু বা মুছলমান সেই কথা অনুভৱ কৰিয়েই ভেদভাৱক প্ৰাধান্য দিয়া নাই একাংশ লোকে ৷ তাৰে উদাহৰণ নকাৰীৰ নৰেন্দ্ৰ নাথ দত্তৰ পৰিয়াল ৷ এই পৰিয়ালটোৱে ইতিমধ্যে এনে এটা কাম কৰি থৈছে, যিটো আজিৰ সময়ত সঁচাকৈয়ে বিৰল বুলিয়েই ক’ব পাৰি ৷ যি মাটিৰ বাবে আপোনজনকো মানুহে পাহৰি যায়, যি মাটিৰ বাবে সহোদৰৰ তেজ মাটিত পেলাবলৈও কুণ্ঠাবোধ নকৰে আজিৰ মানুহে, ঠিক এনে এক সময়তে নৰেন্দ্ৰ নাথ দত্তৰ পৰিয়ালটোৱে মুঠ ১ বিঘা ২ কঠা ১৯ লোচা মাটি দান কৰিলে এখন কবৰস্থানৰ বাবে ৷ এটা হিন্দু পৰিয়ালে কবৰস্থানৰ বাবে ভূমি দান কৰা কাৰ্য সাধাৰণতে দেখা পোৱা নাযায় ৷
লখিমপুৰ ৰে’লৱে ষ্টেচনৰ সমীপতে থকা এইটো ঐতিহাসিক নাহৰ পুখুৰী ৷ আহোম ৰাজত্ব কালৰ স্মৃতি জড়িত হৈ আছে এই ঐতিহাসিক পুখুৰীটোৰ সৈতে । পুখুৰীটোৰ এটা পাৰে আছে হিন্দুৰ শ্মশান আৰু আনটো ফালে আছে এখন কবৰস্থান ৷ স্বৰ্গদেউ চুখামফা ওৰফে খোৰা ৰজাৰ পুত্ৰ আছিল নাহৰ । নাহৰে সেই সময়ত এই অঞ্চলটোৰ চোৱাচিতা কৰিছিল । তেওঁ ১৪৮৭ শক অথবা ১৫৬৫ খ্ৰীষ্টাব্দত নকাৰী এলেকাত এই বিশাল পুখুৰীটো খন্দাইছিল । সেয়ে পুখুৰীটোৱে নাম পালে নাহৰ পুখুৰী । ক্ৰমাৎ সময় বাগৰিল ৷ নাহৰ পুখুৰী কিন্তু একেই থাকিল ৷ মানুহৰ মনবোৰ সলনি হ’ল ৷ তই হিন্দু, মই মুছলমান জাতীয় কথাবোৰ ক’ব নোৱৰাকৈয়ে প্ৰাসংগিক হ’বলৈ ধৰিলে ৷ কিন্তু মনবোৰ সলনি হ’লেও সলনি নহ’ল নাহৰ পুখুৰীৰ পানী ৷