অসম

assam

ETV Bharat / state

অথলে গ'ল হিমন্তৰ প্ৰতিশ্ৰুতি

'বিজেপি দলক ভোট দিয়ক ছয় মাহত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰিম ৷'- এয়া আছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি নাৰায়ণপুৰবাসীক হিমন্ত বিশ্বই দিয়া প্ৰতিশ্ৰুতি ৷ নাৰায়ণপুৰবাসীয়ে ভোট দিলে ৷ বিহপুৰীয়া সমষ্টিত বিজেপি দলৰ বিধায়কো জয়ী হ’ল ৷ কিন্তু নিৰ্মাণ নহ'ল মাধৱদেৱ কলাক্ষেত্ৰ ৷

By

Published : Jun 29, 2019, 1:58 PM IST

অথলে গ'ল হিমন্তৰ প্ৰতিশ্ৰুতি

লখিমপুৰ,29 জুন : ২০০৭ চনত ২৩ মাৰ্চ তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰৰ, কিন্তু কংগ্ৰেছৰ দিনত সম্পূৰ্ণ হৈ উঠা কলাক্ষেত্ৰক লৈয়ে 2016 চনত বিধানসভা নিৰ্বাচনৰ শ্লোগান প্ৰদান কৰিছিল বিজেপিয়ে ৷ কিন্তু বিজেপিৰ বিজয়ৰ পাচতো আজিকোপতি সম্পূৰ্ণ নহ'ল মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম ৷ কংগ্ৰেছ দলৰ আমোলত প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰই লাভ কৰা পাঁচ কোটি টকাৰ কাম আজিও সম্পূৰ্ণ নহ’ল ৷ অতি লেহেমীয়া আৰু পালমৰা কাম কৰি পাঁচ কোটিৰ গৰিষ্ঠসংখ্যক টকা ঠিকাদাৰ তথা অভিযন্তাই উদৰস্থ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

অথলে গ'ল হিমন্তৰ প্ৰতিশ্ৰুতি

ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ তিনিবছৰৰ পাচত শুকুৰবাৰে নাৰায়ণপুৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা ৷ কলাক্ষেত্ৰলৈ ভূমি দান কৰা বদুলা সত্ৰৰ সত্ৰাধিকাৰকো সাক্ষাৎ কৰে হিমন্তই ৷

ABOUT THE AUTHOR

...view details