বিহপুৰীয়া,20 মাৰ্চ:লখিমপুৰৰ বিহপুৰীয়াত শনিবাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড৹ অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মন্ত্ৰী শৰ্মাই সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন বৰাৰ ফটোৰ পাছফালে বদৰুদ্দিনৰ ফটো দেখা পাই কিন্তু বিজেপিৰ প্ৰাৰ্থী অমিয় ভূঞাৰ ফটোৰ পাছফালে নৰেন্দ্ৰ মোডীৰ ফটো দেখা পায় বুলি কটাক্ষ কৰে ৷ তেওঁ লগতে অমিয় ভূঞাক ভোট দিয়া মানে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোডীক ভোট দিয়া বুলি প্ৰকাশ কৰে ৷
কিন্তু ভূপেন বৰা, ৰিপুণ বৰাই অসমখনক বদৰুদ্দিনক বিক্ৰী কৰি দিব বুলি মন্তব্য কৰে ৷ তেওঁ লগতে এই নিৰ্বাচন সভ্যতা-সংস্কৃতিৰ যুঁজ বুলি উল্লেখ কৰি বিজেপিক ভোট দি জাতিসত্বাক জীয়াই ৰখাৰ বাবে আহ্বান জনায় ৷ তেওঁ আজমলক দিছপুৰৰ বৰঘৰলৈ লৈ আনিব নোৱাৰো বুলি মন্তব্য কৰি মাইক্ৰ’ফাইনেঞ্চৰ লোণ পৰিশোধ কৰা হ'ব বুলি সভাত উল্লেখ কৰে ৷