অসম

assam

ETV Bharat / state

কা বিৰোধী আন্দোলনৰ বাবে বন্ধ হ'ল হিমাদ্ৰী থিয়েটাৰ

হিমাদ্ৰী থিয়েটাৰ বন্ধ হোৱাৰ বাবে 'কা' বিৰোধী আন্দোলনক দোষাৰোপ প্ৰযোজক আৰু শিল্পীৰ ৷

himadri theatre closed
বন্ধ হ'ল হিমাদ্ৰী থিয়েটাৰ

By

Published : Jan 30, 2020, 6:00 PM IST

বিহপুৰীয়া, 30 জানুৱাৰীঃবন্ধ হ'ল হিমাদ্ৰী থিয়েটাৰ নামৰ এটা ভ্ৰাম্যমাণ থিয়েটাৰৰ দল ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভ্ৰাম্যমাণ নাট্যদল সমূহ । বিভিন্ন দল-সংগঠনৰ 'কা’ বিৰোধী আন্দোলনৰ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীসমূহে । দৰ্শকৰ সেৰেঙা উপস্থিতিৰ বাবে আহ্বায়ক সমিতিসমূহে চুক্তিমতে ধন দিব পৰা নাই নাট্যদল সমূহক । ফলত থিয়েটাৰৰ প্ৰযোজক পক্ষয়ো অভিনেতা-অভিনেত্ৰী সকলৰ লগতে কলা-কুশলীসকলক সময়মতে মাননি দিব পৰা নাই । পৰিণতিত একাংশ নাট্য দলৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছে অভিনেতা-অভিনেত্ৰীসকল । ফলত একাংশ ভ্ৰাম্যমাণ নাট্যদলে আধাতেই নাট প্ৰদৰ্শন সামৰিবলৈ বাধ্য হৈছে ।

'কা’ বিৰোধী আন্দোলনৰ ফলত নাৰায়ণপুৰৰ পৰা আত্মপ্ৰকাশ কৰা ভ্ৰাম্যমাণ নাট্যদল হিমাদ্ৰী থিয়েটাৰে দ্বিতীয় বৰ্ষৰ নাট প্ৰদৰ্শন বন্ধ কৰিবলৈ বাধ্য হয় । মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৱিত্ৰ স্মৃতিত আত্মপ্ৰকাশ কৰা নাট্যদলটোৱে সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হৈ নাট্যাভিনয় চলি থকা অৱস্থাতে বন্ধ কৰি দিবলৈ বাধ্য হয় । দ্বিতীয় বৰ্ষৰ নাট্যভিনয়ৰ বাবে নাট্য দলটোত শিল্পী হিচাপে চুক্তিবদ্ধ হৈছিল অভিনেতা পল ফুকন, ৰমেন তামুলী আৰু অৰ্চনা বৰাৰ দৰে বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে ।

বন্ধ হ'ল হিমাদ্ৰী থিয়েটাৰ

কিন্তু দুৰ্ভাগ্যজনক কথা যে সাম্প্ৰতিক পৰিস্থিতিত পৰি দুৰ্যোগৰ সন্মুখীন হোৱা নাট্য দলটোৰ প্ৰযোজকে সময়মতে মাননি দিব নোৱাৰাৰ বাবেই অভিনেতা-অভিনেত্ৰীকেইগৰাকীয়ে নাট্যবৰ্ষৰ আধাতে থিয়েটাৰ দলটো এৰি আঁতৰি গ'ল । ফলত পৰৱৰ্তী নাট্যভিনয় চলাই নিয়াত অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰে নাট্যদলটো । উল্লেখ্য যে অহা ১২ এপ্ৰিললৈকে অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈ আছিল অভিনেতা-অভিনেত্ৰীসকল ।

লগতে পঢ়কঃছবিগৃহত আহিব মিথালী ৰাজৰ ‘‘চাবাছ মিথু’’

ABOUT THE AUTHOR

...view details