অসম

assam

ETV Bharat / state

লখিমপুৰত আৰ্তজনৰ কাষত সমাজকৰ্মী

দেশৰ সংকটৰ সময়ত মানবীয়তাৰ পৰিচয় দিছে বহুজনে । লকডাউনৰ সময়ত এমুঠি অন্ন যোগাৰ কৰিব নোৱাৰা লোকৰ ওচৰত থিয় দিছে হৃদয়বানলোক ।

লখিমপুৰত আৰ্তজনক সহায় সমাজকৰ্মীৰ
লখিমপুৰত আৰ্তজনক সহায় সমাজকৰ্মীৰ

By

Published : Apr 10, 2020, 2:53 PM IST

লখিমপুুৰ, 10 এপ্ৰিলঃ মহামাৰী ৰূপ লোৱা কৰ’ণা ভাইৰাচ সংক্ৰমনৰ পৰা বচাৰ একমাত্র উপায় হৈছে সজাগ আৰু সচেতনতা তথা সামাজিক দুৰত্ব ৰক্ষা কৰা । তাৰ বাবে ভাৰত চৰকাৰে জাৰি কৰিছে 21 দিনীয়া লক ডাউন । লক ডাউনত স্তব্ধ জনজীৱন । বিপদত পৰিছে বহু দৰিদ্ৰ লোক । তেনে সময়ত মানৱীয়তাৰ নিদৰ্শনেৰে নিজ ক্ষমতা অনুযায়ী দৰিদ্ৰ জনৰ কাষত থিয় দিছে বহুজন ।

লখিমপুৰত আৰ্তজনৰ সহায়ত সমাজকৰ্মী

লখিমপুৰ জিলাতো বিভিন্ন জন লোকে সহায়ৰ হাত আগবঢ়াইছে দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়া লোকক । সংকটৰ সময়চোৱাত সমস্যাত পৰা ভিতৰুৱা প্ৰায় ১৮ খন গাৱৰ বিশেষকৈ দৰিদ্ৰ জনক সহায়ৰ হাত আগবঢ়াইছে লখিমপুৰৰ পহুমৰাৰৰ সমাজকৰ্মী ইন্দৰজিত টায়েগামে । বৃহস্পতিবাৰে পোতাবিল আৰু দেওবিলৰ প্ৰায় ২০০ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰিলে ইন্দ্ৰজীত টায়েগামে ।

আৰ্থিক ভাবে টনকিয়াল সকলক টায়েগামৰ অনুৰোধ বিপদৰ সময়ত সহায় কৰক গাঁৱৰ দৰিদ্ৰ জনক।

ABOUT THE AUTHOR

...view details