অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত দিব্যাংগ সকলক কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপনৰ শিৱিৰ - আঞ্চলিক বিকলাংগ

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৫ গৰাকী দিব্যাংগ লোকৰ কৃত্ৰিম ভৰিৰ লগতে কেলিপাৰ সংস্থাপনৰ বাবে জোখ-মাখ লোৱা হয় । জোখ-মাখৰ অন্তত পৰৱৰ্তী সময়ত এইসকল লোকক কৃত্ৰিম ভৰিৰ লগতে কেলিপাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ সংস্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে দ্ৰোপাং পিছলা আঞ্চলিক বিকলাংগ অনুষ্ঠানৰ সচিব ধন্টি দাসে ।

নাৰায়ণপুৰত দিব্যাংগ সকলক কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপন শিৱিৰৰ আয়োজন
নাৰায়ণপুৰত দিব্যাংগ সকলক কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপন শিৱিৰৰ আয়োজন

By

Published : Dec 6, 2020, 3:51 PM IST

লখিমপুৰ,6 ডিচেম্বৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাঙত পিছলা আঞ্চলিক বিকলাংগ অনুষ্ঠানৰ উদ্যোগত আৰু গুৱাহাটীৰ ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ সহযোগত বিকলাংগ সকলৰ কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপন শিৱিৰৰ আয়োজন কৰা হয় ৷ উল্লেখযোগ্য যে, শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এক জোখ-মাখৰ শিৱিৰৰ দেওবাৰে সামৰণি পৰে ।

নাৰায়ণপুৰত দিব্যাংগ সকলক কৃত্ৰিম ভৰি আৰু কেলিপাৰ সংস্থাপন শিৱিৰৰ আয়োজন

ইপিনে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই শিৱিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৫ গৰাকী দিব্যাংগ লোকৰ কৃত্ৰিম ভৰিৰ লগতে কেলিপাৰ সংস্থাপনৰ বাবে জোখ-মাখ লোৱা হয় । জোখ-মাখৰ অন্তত পৰৱৰ্তী সময়ত এইসকল লোকক কৃত্ৰিম ভৰিৰ লগতে কেলিপাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ সংস্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে দ্ৰোপাং পিছলা আঞ্চলিক বিকলাংগ অনুষ্ঠানৰ সচিব ধন্টি দাসে । ইপিনে শিৱিৰত গুৱাহাটীস্থিত ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ সচিব কংকন বৰ্মন আৰু সহযোগী সুশীল চুৰাণাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়কঃ হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

ABOUT THE AUTHOR

...view details