লখিমপুৰ, 18 জুলাই : লখিমপুৰৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় (Joint Director of Health Services)ৰ কাৰ্যালয়ত দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ বিভাগীয় কৰ্মচাৰীয়ে ৷ এম পি ডব্লিউ (MPW) আৰু এছ ডব্লিউ (SW) এই দুয়োটা বিভাগৰ কৰ্মচাৰীসকলে দুজন বিভাগীয় বিষয়াৰ কাৰ্যত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সোমবাৰৰ পৰা তেওঁলোকৰ কৰ্মবিৰতিৰ হুংকাৰ প্ৰদান কৰে ৷ কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি, তেওঁলোকে ক’ভিড প্ৰতিষেধক (COVID Vaccine), পৰীক্ষা(Test) আদিৰ বাবে বহু দুৰ্গম অঞ্চললৈ যাবলগীয়া হয় । যাৰ বাবে প্ৰতিদিনেই প্ৰথমে কাৰ্যালয়লৈ গৈ স্বাক্ষৰ কৰি দূৰ-দূৰণিৰ কৰ্তব্যস্থলীলৈ যোৱাতো সম্ভৱ নহয় কৰ্মচাৰীসকলৰ বাবে ৷
একেদৰে শনিবাৰেও নিজ নিজ কৰ্তব্যস্থানত কাম সমাপন কৰি থকা স্বত্বেও জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা এজন অতিৰিক্ত জিলা উপায়ুক্ত আৰু এজন জিলা আঁচনি বিষয়াই কাৰ্যালয় পৰিদৰ্শন কৰে আৰু বহু কেইজন কৰ্মচাৰী অনুপস্থিত থকা বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । এই ক্ষেত্ৰত উত্তৰ নিদিয়ে বুলি স্পষ্ট কৰি দিয়াৰ লগতে উক্ত বিষয়টোত মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবী জনায় কৰ্মচাৰীসকলে ৷