অসম

assam

ETV Bharat / state

Paddy procurement scheme : লখিমপুৰত অসাৰ চৰকাৰী ধান ক্ৰয়ৰ আঁচনি - Paddy procurement scheme

চৰকাৰী ধান ক্ৰয় আঁচনিয়ে কোনো ধৰণে সহায় কৰা নাই কৃষকক (Paddy procurement scheme)। এই অভিযোগ লখিমপুৰৰ একাংশ কৃষকৰ । এই আঁচনিৰ জৰিয়তে মধ্যভোগী সৃষ্টি হোৱাৰো অভিযোগ ।

Paddy procurement scheme
লখিমপুৰত অসাৰ চৰকাৰী ধান ক্ৰয়ৰ আঁচনি

By

Published : Mar 11, 2023, 10:28 PM IST

লখিমপুৰত অসাৰ চৰকাৰী ধান ক্ৰয়ৰ আঁচনি

লখিমপুৰ, ১১ মার্চ :চৰকাৰীভাৱে ধান ক্ৰয় কৰি কৃষক ৰাইজক উপকৃত কৰাৰ লক্ষ্যৰে চৰকাৰে গ্রহণ কৰা আঁচনিখন এতিয়া প্ৰহসনত পৰিণত হৈছে (Paddy procurement scheme)। আঁচনিখনে কৃষক ৰাইজক সকাহ দিব নোৱাৰাৰ হে অভিযোগ উঠিছে । কৃষকক সকাহ দিয়াৰ বিপৰীতে আঁচনিখনে মধ্যভোগী সৃষ্টিত হে অৰিহণা যোগাইছে । অতি কষ্টৰে শস্য উৎপাদন কৰি উপযুক্ত মূল্য পোৱাৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ কৃষক ৰাইজ ।

বিশেষকৈ চৰকাৰী ধান ক্ৰয়ৰ আঁচনিখনো অনৰ্থক হোৱাৰ দৰেহে হৈ পৰিছে । কৃষকক সকাহ দিয়াৰ বিপৰীতে এই আঁচনিৰ জৰিয়তে মধ্যভোগী সৃষ্টি হোৱাৰ পথ হে প্ৰশস্ত হৈছে । লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কৃষক ৰাইজে এই ধৰণৰ অভিযোগ উত্থাপন কৰিছে (Govt paddy procurement scheme failed)।

উল্লেখ্য যে লখিমপুৰ জিলাত ভাৰতীয় খাদ্য নিগমে ৩২ হাজাৰ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য লৈছিল । জিলাখনত থকা শিমলুগুৰি, নাৰায়ণপুৰ, বঙালমৰা, লালুক আৰু উত্তৰ লখিমপুৰ কেন্দ্রৰ জৰিয়তে এই পৰিমাণৰ ধান ক্ৰয়ৰ লক্ষ্য লোৱা হৈছিল । পিছে পৰৱৰ্তী সময়ত এই পৰিমাণ হ্ৰাস কৰি ২৭ হাজাৰ মেট্রিক টন কৰা হয় । ভাৰতীয় খাদ্য নিগমে বঙালমৰা, উত্তৰ লখিমপুৰ, নাৰায়ণপুৰ কেন্দ্রত পোনপটীয়াকৈ ধান ক্ৰয় কৰাৰ বিপৰীতে লালুক কেন্দ্রত নেকফ নামৰ কোম্পানীৰ জৰিয়তে ধান ক্ৰয়ৰ আঁচনি লয় ।

প্ৰতি কুইণ্টলত ২ হাজাৰ ৪০ টকা দৰত কৃষকৰ পৰা ধান ক্ৰয়ৰ লক্ষ্য লোৱা হয় । যোৱা ডিচেম্বৰৰ পৰা অহা জুনৰ ভিতৰত জিলাখনত ২৭ হেজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য লোৱা হৈছিল যদিও বৰ্তমানলৈকে দহ হাজাৰ মেট্রিক টন ধানো ক্ৰয় কৰিব পৰা নাই । আনহাতে কৃষক ৰাইজে ধান বিক্ৰী কৰা বতৰো প্ৰায় উকলি গ'ল । ফলত ভাৰতীয় খাদ্য নিগমে জিলাখনত ধান ক্ৰয়ৰ বাবে যি পৰিমাণ স্থিৰ কৰিছিল তাৰ আধাও ক্ৰয় কৰিব পৰা সম্ভাৱনা নাই (Paddy procurement scheme of Assam govt)।

ইয়াৰ মূলতে আছে ধান বিক্ৰীৰ বাবে কৃষকৰ ওপৰত জাপি দিয়া জটিল প্ৰক্ৰিয়া । একাংশ কৃষক ৰাইজৰ অভিযোগ মতে ধান বিক্রীৰ প্ৰক্ৰিয়াত ৰাজহ চক্র কাৰ্যালয়, কৃষি বিভাগ আদিৰ লগতে চৰকাৰী পৰ্টেলত নাম পঞ্জীয়ন কৰালৈকে এক জটিল প্ৰক্ৰিয়া অতিক্রম কৰিব লাগে । আনহাতে বহু ক্ষেত্রত ধান ক্ৰয়ৰ বাবে ভাৰতীয় খাদ্য নিগমৰ সদিচ্ছাৰো অভাৱ পৰিলক্ষিত হয় বুলি কৃষক ৰাইজে অভিযোগ কৰিছে । ফলত ধান বিক্ৰীৰ বাবে কৃষকৰ আগ্ৰহ নোহোৱা হৈ পৰিছে ।

ধান বিক্ৰীৰ জটিল প্ৰক্ৰিয়াত এচাম মধ্যভোগীৰ সৃষ্টি হোৱা বুলিও অভিযোগ উঠিছে । মধ্যভোগীয়ে প্ৰতি কুইণ্টলত কৃষকৰ পৰা ১৫০০ টকাত ধান ক্ৰয় কৰি ২ হাজাৰৰো অধিক টকাত বিক্ৰী কৰে বুলি জানিব পৰা গৈছে । ধান ক্ৰয়ৰ ক্ষেত্রত খাদ্য নিগমৰ অনীহা, বিক্ৰীৰ জটিল প্ৰক্ৰিয়াত কৃষকৰ অনীহা আদিৰ ফলতে চৰকাৰী ধান ক্ৰয়ৰ আঁচনি লখিমপুৰত অনৰ্থক হোৱাৰ দৰে হৈ পৰিছে ।

দৰাচলতে আঁচনিখনে কৃষক ৰাইজক উপকৃত কৰিব নোৱাৰিলে বুলিও বহুতে অভিযোগ কৰিছে । জানিব পৰা মতে জিলাখনৰ ঢকুৱাখনাত আকৌ এনে ধান ক্ৰয়ৰ কেন্দ্র এটাও নাই ।

লগতে পঢ়ক :RTE Act : ব্যক্তিগত শিক্ষানুষ্ঠানত দৰিদ্ৰ শীক্ষাৰ্থীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশ ন্যায়ালয়ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details