অসম

assam

ETV Bharat / state

মৰণত শৰণ দি বিপদ সংকুল যাত্ৰা ঢকুৱাখনাৰ এটা অঞ্চলৰ ৰাইজৰ - DHAKUAKHANA

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ আঁচনিয়ে স্পৰ্শ কৰিবনে অসমৰ গ্ৰাম্য অঞ্চল ? নিৰ্বাচন আহিলেহে ভোটাৰলৈ মনত পৰা ৰাজনৈতিক নেতাসকলৰ দৃষ্টি পৰিবনে ঢকুৱাখনালৈ ৷ দুবছৰেও মেৰামতি নহ'ল গুৰুত্বপূৰ্ণ বৰদৈবাম তিনিআলিৰ পৰা ঐতিহ্যমণ্ডিত বাসুদেৱ থান সংযোগী গড়কাপ্তানী পথটোৰ দলংখনৰ ৷

BRIDGE

By

Published : Apr 2, 2019, 1:08 PM IST

ঢকুৱাখনা ,02 এপ্ৰিলঃৰাজ্যত পৰিৱৰ্তন হ'ল চৰকাৰ,পৰিৱৰ্তন হল মন্ত্ৰী-বিধায়ক, কিন্তু পৰিৱৰ্তন নহ'ল ঢকুৱাখনাৰ যাতায়ত ব্যৱস্থাৰ । মৰণত শৰণ দি ভঙা দলঙেৰে বিপদ সংকুল যাতায়ত ঢকুৱাখনাবাসী ৰাইজৰ । প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ দীৰ্ঘদিনীয়া অপশাসনক উফৰাই ঢকুৱাখনা ৰাইজে ঢকুৱাখনালৈ আনিছিল ৰাজনৈতিক পৰিৱৰ্তন । ঢকুৱাখনা সমষ্টিৰ বিধায়ক হ'ল মন্ত্ৰী নৱ দলে। কিন্তু নহ'ল বাট-পথহে ৷

উন্নয়নকামী চৰকাৰ বনাম দুবছৰেও মেৰামতি নোহোৱা এখন দলং

দুই বছৰৰ পূৰ্বে প্ৰলয়ংকাৰী বানে উটুৱাই নিছিল ঢকুৱাখনাৰ বৰদৈবাম তিনিআলিৰ পৰা ঐতিহ্যমণ্ডিত বাসুদেৱ থান সংযোগী গড়কাপ্তানী পথটোৰ গা-দাঙৰ চুকত থকা দলংখনৰ দুয়োটা মূৰ ৷ বানে দলংখন উটুৱাই নিয়াৰ পাচতে তৎকালীন ভাৱে দলংখন মেৰামতিৰ প্ৰতিশ্ৰুতি দিছিল বিধায়ক নৱ দলেই ৷ কিন্তু প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰিলে বিধায়ক গৰাকীয়ে ৷ ফলত বৰ্তমানেও দলংখনেৰে বিপদসংকুল যাতায়ত কৰি আহিছে পথটোৰে অহা যোৱা কৰা যাত্ৰীসকলে ৷ বহু সময়ত দলংখনেৰে পাৰাপাৰ হওঁতে কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে ৷ অঞ্চলবাসীৰ বাবেবাৰিষাৰ সময়ত নাওখনেই হৈ পৰে একমাত্ৰ ভৰষা ৷ ঢকুৱাখনাৰ এক গুৰুত্বপূৰ্ণ পৰ্যটনথলী হিচাপে বিবেচিত বাসুদেৱ থানলৈ যোৱা এই পথটোৰ এনে দুৰৱস্থাত ক্ষোভিত হৈছে ঢকুৱাখনাৰ সচেতন লোক ৷

ABOUT THE AUTHOR

...view details