অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত চৰকাৰৰ দ্বাৰা অৱহেলিত এখন দুৰ্ভগীয়া গাঁও ! - lakhimpur

গাঁওখনলৈ যাতায়ত কৰা মূল পথটো সোৱণশিৰি সুতিৰ বানে কেইবাঠাইতো চিঙি পেলোৱাৰ ফলত একপ্ৰকাৰে জলবন্দী হৈ পৰে গাঁওখন । গাঁওবাসীৰ অভিযোগ অনুসৰি মাজুলী সমষ্টিৰ এই দীবানাচাপৰি গাঁওখনে আজিকোপতি চৰকাৰী বান সাহাৰ্য লাভ কৰা নাই ।

মূখ্যমন্ত্ৰীৰ সমষ্টিত চৰকাৰৰ দ্বাৰা অৱহেলিত এখন দুৰ্ভগীয়া গাঁও!

By

Published : Jul 16, 2019, 11:58 AM IST

বিহপুৰীয়া, ১৬ জুলাই :মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ এখন দুৰ্ভগীয়া গাঁও । যিখন গাঁও বিগত পাঁচটা দিনে বানৰ কবলত আছে । গাঁওখনলৈ যাতায়ত কৰা মূল পথটো সোৱণশিৰি সুঁতিৰ বানে কেইবাঠাইতো চিঙি পেলোৱাৰ ফলত একপ্ৰকাৰে জলবন্দী হৈ পৰে গাঁওখন । গাঁওবাসীৰ অভিযোগ অনুসৰি মাজুলী সমষ্টিৰ এই দীবানাচাপৰি গাঁওখনে আজিকোপতি চৰকাৰী বান সাহাৰ্য লাভ কৰা নাই ।

চৰকাৰৰ দ্বাৰা অৱহেলিত এখন দুৰ্ভগীয়া গাঁও

পূৰ্বৰ কেৰকেৰ নামৰ গাঁওখন গৰাখহনীয়াই চিন চাব নোহোৱা কৰাত ২০১২ চনৰ পৰা গাঁওখনৰ লোক সকলে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ভিতৰত আশ্ৰয়স্থল বাচি লৈছিল । দীবানাচাপৰি নামেৰে খ্যাত গাঁওখন চৰকাৰী হিচাপত এতিয়াও মাজুলী জিলা তথা মুখ্যমন্ত্ৰী সমষ্টিৰ অন্তৰ্গত । গাঁওবাসীৰ অভিযোগ অনুসৰি গাঁওখনৰ শতাধিক পৰিয়াল জলবন্দী হৈ থকাৰ পাচতো খবৰ ল’বলৈ আহৰি নাই মাজুলী জিলা প্ৰশাসনৰ ৷ চৰকাৰী হিচাপত গাঁওখন মাজুলী সমষ্টিৰ হোৱা বাবে লখিমপুৰ জিলা প্ৰশাসনেও গাঁওখনৰ দায়িত্ব নলয় বুলিও জনায় গাঁওবাসীয়ে । যাৰ বাবে চৰকাৰী অৱহেলাত চকুলো টুকিব লগা হৈছে দীবানাবাসীয়ে ।

ABOUT THE AUTHOR

...view details