লখিমপুৰ, 11 ফেব্ৰুৱাৰী : চালে চকু ৰোৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মেটমৰা ভঁৰাল ঐতিহাসিক ঘুনাসূতি ৷ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি জীয়ৰীৰ পটভূমি লখিমপুৰৰ এই ঐতিহাসিক ঘুনাসূতি ৷ এই ঘুনাসূতিয়ে দুহাট উজাৰি মেলি দিছে পৰ্যটনৰ সম্ভাৱনীয়তাৰ দুৱাৰ (Ghunasuti is a huge potential for eco toursim)। কিয়নো পৰ্যটনৰ মেটমৰা সম্ভাৰেৰে সমৃদ্ধ হৈ আছে জংকি পানেইৰ দেশ লখিমপুৰৰ ঘুনাসূতি ।
ৰূপোৱালী বালিৰ চৰ, কল্লোলিনী জল তৰংগ, ঝাও বনৰ বিনন্দিয়া শাৰী অথবা সহজ সৰল মিচিং সমাজৰ আতিথ্য৷ জংকি পানেইৰ দেশৰ এই নৈসৰ্গিক শোভাৰ নিৰ্মল জলপ্ৰবাহে মোহাছন্ন কৰে সকলোকে ৷ এক কথাত ক’ব পাৰি যে, যথেষ্ট সম্ভাৱনা থকা তথা পৰ্যটনৰ কেন্দ্ৰ হিচাবে গঢ় লৈ উঠিব পৰা স্থান হৈছে ঘুনাসূতি (Eco toursim at Ghunasuti) ৷
এনে চকু চাট মৰা অথবা মন প্ৰাণ হৰি নিয়া সৌন্দর্যই এতিয়া হাত বাউল দি মাতিছে পৰ্যটকক ।