বিহপুৰীয়া, 17 ফেব্ৰুৱাৰী :1951 ৰ পৰা 2011 চনলৈ সৰ্বমুঠ 6 বাৰকৈ কংগ্ৰেছৰ দখলত থকা বিহপুৰীয়া সমষ্টি পুনৰ বাৰ দখল কৰাৰ উদ্দেশ্য বুধবাৰে এক পদ যাত্ৰাত অংশগ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ সমষ্টিটোৰ শিমলুগুৰি অঞ্চলত উলিওৱা উক্ত পদযাত্ৰাত গৌৰৱ গগৈৰ লগতে কেইবাকুৰি কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
এই পদৰ যাত্ৰা জৰিয়তে বিহপুৰীয়া আৰু গহপুৰ সমষ্টি সংযোগী চেঁচা নদীৰ দলং খন পৰিদৰ্শন কৰে গৌৰৱ গগৈয়ে ৷ উল্লেখ্যে যে, প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰা কাৰ্যকালত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত দলৰ নেতা ৰাহুল গান্ধীয়ে আধাৰশিলা স্থাপন কৰিছিল চেঁচা নদীৰ এই দলং খন ৷
দলংখন পৰিদৰ্শন কৰাৰ পৰত সাংবাদিকক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয়, চেঁচা নৈৰ ওপৰত নিৰ্মীয়মাণ দলং খনৰ জৰিয়তে সমষ্টি দুটাৰ মাজত যাতায়তৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ’ল ৷ পিতৃৰ সপোন আছিল চেঁচা নদীৰ দলং নিৰ্মাণৰ পিছত নিজে উন্মোচন কৰাৰ । সেই সপোন বাস্তৱায়িত নহ'ল বুলি মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ।