লখিমপুৰ, 23 নৱেম্বৰ :দীৰ্ঘ সময় ধৰি কেন্দ্ৰীয় মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ পাচত সুদীৰ্ঘ 15 বছৰ কাল অসমৰ মুখ্যমন্ত্ৰীৰ চকীত অধিস্থিত হোৱা তৰুণ গগৈৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি স্মৰণ কৰা হৈছে, জ্ঞাপন কৰা হৈছে শ্ৰদ্ধাঞ্জলি ৷
ৰাজ্যজুৰি কংগ্ৰেছ দল, দলটোৰ ভগ্নী সংগঠনসমূহৰ উপৰিও প্ৰয়াত তৰুণ গগৈৰ শুভাকাংক্ষীসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰতো গৌৰৱ গগৈ ফেনছ ক্লাবে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰে । উক্ত অনুষ্ঠানত গৌৰৱ গগৈ ফেনছ ক্লাবৰ সদস্য, বিষয়ববীয়াৰ উপৰিও জিলা পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ লগতে লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাই উপস্থিত থাকি প্ৰয়াত তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকে প্ৰয়াত নেতাগৰাকীৰ স্মৃতিচাৰণৰ জৰিয়তে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দহৰ হকে কাম কৰাৰ সংকল্প লয় । তৰুণ গগৈৰ দৰে সততাৰে জনসেৱা কৰিবলৈ তেওঁৰ আশীৰ্বাদ কামনা কৰে শুভাকাংক্ষীসকলে ।