লখিমপুৰ, 28 ডিচেম্বৰ: সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দল সমূহে নিজ নিজ দলীয় ভেঁটী সৱল কৰিবলৈ উঠি পৰি লগাৰ সময়তে লখিমপুৰ জিলাৰ বগীনদীত কংগ্ৰেছ আৰু বিজেপি দলত ব্যাপক খহনীয়া ৷ ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু শাসকীয় বিজেপি দলৰ শিবিৰত খহনীয়াৰ সৃষ্টি কৰি অৰ্ধশতাধিক সদস্যই আনুষ্ঠানিক ভাৱে সন্মিলিত গণশক্তি অসম দলত যোগদান কৰে ৷
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বগীনদীত কংগ্ৰেছ আৰু বিজেপি দলত খহনীয়া - কংগ্ৰেছ আৰু বিজেপি দলৰ অৰ্ধশতাধিক সদস্য
ৰাজনৈতিক দল সমূহে নিজ নিজ দলীয় ভেঁটী সৱল কৰিবলৈ উঠি পৰি লগাৰ সময়তে বিৰোধী দল কংগ্ৰেছ আৰু শাসকীয় বিজেপি দলৰ শিবিৰত খহনীয়াৰ সৃষ্টি ৷ লখিমপুৰ জিলাৰ বগীনদীত কংগ্ৰেছ আৰু বিজেপি দলৰ অৰ্ধশতাধিক সদস্যই আনুষ্ঠানিক ভাৱে সন্মিলিত গণশক্তি অসম দলত যোগদান কৰে ৷
বগীনদীৰ ভীমপৰা পঞ্চায়তৰ জংকি-পানৈ ক্ষেত্ৰত গণশক্তি দলে আয়োজন কৰা জনসংযোগ সমাৰোহত অংশগ্ৰহণ কৰি দুয়োটা দলৰ কৰ্মীয়ে গণশক্তি দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দলটোত যোগদান কৰে ৷ ঢকুৱাখনা সমষ্টিৰ কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত ভীমপৰা পঞ্চায়তৰ শতাধিক কংগ্ৰেছী সদস্যই গণশক্তি দলত যোগদান কৰাত কংগ্ৰেছ দল সংকটত পৰাটো নিশ্চিত হৈ পৰাৰ লগতে, বগীনদী পঞ্চায়তৰো শতাধিক বিজেপি সদস্যই গণশক্তি দলত কৰাত মন্ত্ৰী নৱ কুমাৰ দলে তথা শাসকীয় দলটোৰ বাবেও মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ৷
লগতে পঢ়ক:প্ৰতিষ্ঠা দিৱস উপলক্ষে ‘তিৰংগা যাত্ৰা’ৰ আয়োজন জাতীয় কংগ্ৰেছৰ