অসম

assam

By

Published : Dec 12, 2020, 6:13 PM IST

ETV Bharat / state

নাৰায়ণপুৰত কৃষক মুক্তি-ছাত্ৰ মুক্তি সমিতিৰ গণ গৰ্জন কাৰ্যসূচী

যোৱা এটা বছৰে কাৰাৰুদ্ধ কৰি ৰখা অখিল গগৈক অতিশীঘ্ৰে মুক্তিৰ দাবী জনায় এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে ।

নাৰায়ণপুৰত কৃষক মুক্তি-ছাত্ৰ মুক্তি সমিতিৰ গণ গৰ্জন কাৰ্যসূচী
নাৰায়ণপুৰত কৃষক মুক্তি-ছাত্ৰ মুক্তি সমিতিৰ গণ গৰ্জন কাৰ্যসূচী

বিহপুৰীয়া,12 ডিচেম্বৰ :নাৰায়ণপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গণ গৰ্জন কাৰ্যসূচী ৰূপায়ণ । যোৱা এটা বছৰে কাৰাৰুদ্ধ কৰি ৰখা অখিল গগৈক অতিশীঘ্ৰে মুক্তিৰ দাবী জনায় এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে ।

লগতে CAA আন্দোলনত শ্বহীদ হোৱা পাঁচজনকৈ অসমীয়া যুৱকক আজি এই কাৰ্যসূচীতে স্মৰণ কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বিজেপি চৰকাৰখনত আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাব বুলি সকিয়াই দিয়ে ৰাইজৰ দলৰ আহ্বায়ক অনুপ শইকীয়াই ।

লগতে পঢ়ক :মৰিগাঁৱৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details