অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত জালিয়াতিৰে টকা ধাৰলৈ লৈ আৰক্ষীৰ জালত মহিলা - নাৰায়ণপুৰ আৰক্ষী

নাৰায়ণপুৰৰ দুই নং বহুপথাৰ গাঁৱৰ এবি বৰাই গাওঁখনৰ মহিলা গোট, আত্মীয়-স্বজন মিলাই সাতাৱন্ন গৰাকীৰ পৰা ধাৰলৈ লৈছিল প্ৰায় সাতচল্লিশ লাখ টকা ৷ দলিল আৰু চুক্তিপত্ৰ লিখি দহ টকা সুদ দিয়াৰ চলেৰে বৃহৎ পৰিমানৰ টকা ধাৰলৈ লৈ এবি বৰা আৰু স্বামী ফুলেন বৰাই অন্য স্থানত মাটি কিনি ঘৰ বাৰি পতাৰ লগতে গাড়ী পৰ্যন্ত কিনিলে ৷

নাৰায়ণপুৰত জালিয়াতিৰে টকা ধাৰলৈ লৈ আৰক্ষীৰ জালত মহিলা
নাৰায়ণপুৰত জালিয়াতিৰে টকা ধাৰলৈ লৈ আৰক্ষীৰ জালত মহিলা

By

Published : Feb 4, 2021, 12:28 PM IST

বিহপুৰীয়া,4 ফেব্ৰুৱাৰীঃ ৫৭ গৰাকী মহিলাৰ পৰা জালিয়াতিৰে টকা ধাৰলৈ লৈ আত্মগোপন কৰি থকা এবি বৰা নামৰ এগৰাকী মহিলা ধৰা পৰিছে নাৰায়ণপুৰ আৰক্ষীৰ জালত ৷ নাৰায়ণপুৰৰ দুই নং বহুপথাৰ গাঁৱৰ এবি বৰাই গাওঁখনৰ মহিলা গোট, আত্মীয়-স্বজন মিলাই সাতাৱন্ন গৰাকীৰ পৰা ধাৰলৈ লৈছিল প্ৰায় সাতচল্লিশ লাখ টকা ৷ দলিল আৰু চুক্তিপত্ৰ লিখি দহ টকা সুদ দিয়াৰ চলেৰে বৃহৎ পৰিমানৰ টকা ধাৰলৈ লৈ এবি বৰা আৰু স্বামী ফুলেন বৰাই অন্য স্থানত মাটি কিনি ঘৰ বাৰি পতাৰ লগতে গাড়ী পৰ্যন্ত কিনিলে ৷

কিন্তু মহিলাসকলৰ মূলধন দিয়াটো দৰৰ কথা সুদৰ টকাও নিদিলে ৷ টকা বিচাৰি যোৱা মহিলাৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰা এবি বৰা ধৰা পৰিল নাৰায়ণপুৰ আৰক্ষীৰ জালত ৷ হাতে হাতে দলিল আৰু চুক্তিপত্ৰ লৈ নাৰায়ণপুৰ থানাৰ বাহিৰত ভুক্তভোগী 97 গৰাকী মহিলাই বাট চাইছে ন্যায় পোৱাৰ আশাত ৷ আত্মসহায়ক গোটৰ পৰা টকা ধাৰ লৈ অধিক সুদ পোৱাৰ আশাত টকা ধাৰলৈ দি এতিয়া বিপদত এইসকল মহিলা ৷

লগতে পঢ়কঃ ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

ABOUT THE AUTHOR

...view details