লখিমপুৰ,11 মাৰ্চঃলখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা আটক ভুৱা কৰ্মচাৰী ৷ কৰ্মচাৰীজনক উত্তৰ লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে বুধবাৰে বিয়লি গ্ৰেপ্তাৰ কৰে ৷ কৰ্মচাৰীজন পলাশবাৰীৰ বুবুল দাস বুলি জানিব পৰা গৈছে ৷ ধৃত বুবুল দাসে মিৰ্জাৰ ধনমণি দাস নামৰ যুৱক এজনৰ পৰা ৪.৫০ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল চাকৰিৰ নিযুক্তিপত্ৰখন।
ভুৱা নিযুক্ত পত্ৰৰে চাকৰিত যোগদান কৰিবলৈ আহি গ্ৰেপ্তাৰ এজন - Fraud Worker lakhimpur DC office assam etv bharat news
ভুৱা নিযুক্তিপত্ৰৰে লখিমপুৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পিয়নৰ চাকৰিত যোগদান কৰিবলৈ আহি গ্ৰেপ্তাৰ হ'ল পলাশবাৰীৰ এজন যুৱক ৷
ভুৱা কৰ্মচাৰী
ঘটনাৰ বিৱৰণী অনুসৰি, পিয়নৰ চাকৰিত যোগদান কৰিবলৈ অহা কৰ্মচাৰীজনৰ নথি-পত্ৰ পৰীক্ষাৰ সময়ত নিযুক্তিপত্ৰখন ভুৱা বুলি প্ৰমাণিত হয় । উপায়ুক্তৰ কাৰ্যালয়ে মুহুৰ্ততে সদৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱকজনক আটক কৰে ৷ সম্প্ৰতি সদৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে বুবুল দাসক জেৰা অব্যাহত ৰাখিছে ।
লগতে চাওকঃবৰপেটাত সুৱেৰীৰ আনন্দৰ মাজতে তিনি কিশোৰীৰ সলিল সমাধি