লখিমপুৰ, ১০ এপ্ৰিল:‘এশ গৰু মাৰিলে বাঘৰো মৰণ’ বুলি প্ৰচলিত বাক্যশাৰী দেওবাৰে আখৰে আখৰে ফলিয়ালে লখিমপুৰৰ দুই নকল সোণৰ ব্যৱসায়ীৰ ক্ষেত্ৰত । দীৰ্ঘদিন নকল সোণৰে বহুজনক ঠগি অহা নকল সোণৰ দুই ব্যৱসায়ীক দেওবাৰে খেদি-খেদি কৰায়ত্ব কৰে ৰাইজে ৷ লখিমপুৰৰ পুখুৰীপৰীয়াত সংঘটিত হয় এই ঘটনা (Fake gold smuggler arrest in Lakhimpur)৷
আটকাধীন নকল সোণৰ সৰবৰাহকাৰী দুজন ক্ৰমে ইদ্ৰিছ আলী আৰু ফাৰুক আব্দুল্লাহ । দুয়োৰে ঘৰ লালুকৰ ধৰ্মপুৰত । পুখুৰীপৰীয়াত এই দুই নকল সোণ সৰবৰাহকাৰীয়ে প্ৰলোভনেৰে বহিঃৰাজ্যৰ লোকক বিক্ৰী কৰাৰ জো-যা চলাই থকাৰ সময়তে স্থানীয় লোকে সন্দেহ বশতঃ আটক কৰাৰ পিছতে উদ্ধাৰ হয় নকল সোণৰে নিৰ্মিত যীশুৰ মূৰ্তি । ঘটনাৰ উমান পাই সোণ কিনিবলৈ অহা লোকজনে পলায়ন কৰে ।