অসম

assam

ETV Bharat / state

Ghunasuti Bridge: অপেক্ষাৰ অন্ত, ঘুনাসুঁতি সংযোগী দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ - Dhemaji NHPC

অতীত হৈ পৰিব বছৰ-বছৰ ধৰি সোৱণশিৰিৰ বুকুৱেদি ঐতিহাসিক ঘুনাসুঁতিলৈ যোৱা নৌকা যাত্ৰা ৷ নৌকাযাত্ৰীয়ে আৰু উপভোগ কৰিবলৈ নাপাব সোৱণশিৰিৰ বুকুৰ সেই নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য ৷ শুকুৰবাৰে এই ঘুনাসুঁতিক সংযোগ কৰিবলৈ ৩৮৩ কোটি টকা ব্যয় সাপেক্ষে সোৱণশিৰিৰ ওপৰত এখন দলঙৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Ghunasuti Biridge
অপেক্ষাৰ অন্ত, ঘুনাসুঁতি সংযোগী দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

By

Published : Dec 16, 2022, 7:00 PM IST

অপেক্ষাৰ অন্ত, ঘুনাসুঁতি সংযোগী দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

লখিমপুৰ, 16 ডিচেম্বৰ: তাহানিতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে(Novelist Ranajikanta Bordoloi) লখিমপুৰৰ ঘুনাসুঁতিৰ আধাৰত তেখেতৰ কালজয়ী সৃষ্টি অমৰ প্ৰেম গাথাৰ উপন্যাস মিৰি জীয়ৰি(Miri Jiyori) ৰচনা কৰিছিল । ঘুনাসুঁতিক তেওঁ সেই বিখ্যাত উপন্যাসৰ জড়িয়তে প্ৰখ্যাত কৰিছিল । পিছে যাতায়াতৰ ক্ষেত্ৰত আজিকোপটি দুৰ্গম হৈয়েই ৰ’ল ঘুনাসুঁতি ।

এই ঘুনাসুঁতিক সংযোগ কৰিবলৈ ৩৮৩ কোটি টকা ব্যয় সাপেক্ষে শুকুৰবাৰে সোৱণশিৰিৰ ওপৰত এখন দলঙৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই( Foundation laying of Ghunasuti bridge) । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰৰ আন ২৪ টা আঁচনিৰ ভাৰ্চুৱেলী উদ্বোধন তথা শিলান্যাস কৰে ৷

উল্লেখ্য যে, শুকুৰবাৰৰ দিনটো লখিমপুৰবাসী ৰাইজৰ বাবে বিবেচিত হ’ল এটা ঐতিহাসিক দিন হিচাপে(A historical day for Lakhimpur) ৷ ঘুনাসুঁতি সংযোগী দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছৰে পৰা অতীত হৈ পৰিব বছৰ-বছৰ ধৰি সোৱণশিৰিৰ বুকুৱেদি ঐতিহাসিক ঘুনাসুঁতিলৈ যোৱা নৌকা যাত্ৰা ৷ নৌকাযাত্ৰীয়ে আৰু উপভোগ কৰিবলৈ নাপাব সোৱণশিৰিৰ বুকুৰ সেই নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য ৷ ঘুনাসুঁতিক কেন্দ্ৰ কৰি নাথাকিব তাহানিৰ সেই মাদকতা ।

উল্লেখ্য যে, ঐতিহাসিক ঘুনাসুঁতিক সংযোগ কৰি সোৱণশিৰিৰ ওপৰত 383 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া দলঙখনৰ দৈৰ্ঘ্য হ’ব ২.৪ কিলোমিটাৰ ৷

ঘুনাসুঁতিত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) বহুচৰ্চিত এই দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগেতে ৯ কোটি টকাৰ ব্যয় সাপেক্ষে লখিমপুৰৰ চুতীয়াকাৰীত নিৰ্মাণ সম্পূর্ণ হোৱা তাৰকাগৃহ , প্ৰায় ১৩ কোটি টকাৰে নিৰ্মাণ কৰা বাইপাছ মুকলি, লখিমপুৰ জিলা আন্তঃৰাজ্যিক বাছ আৰু ট্ৰাক আস্থানকে আদি কৰি ১০৩১৬১.৫৮ কোটি টকাৰ জিলাখনৰ বিভিন্ন আচঁনিৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কাৰ্যসূচী ৰূপায়ণ কৰে ।

এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি ৰাজ্য চৰকাৰে এই ব্যয়বহুল দলঙখন নিৰ্মাণৰ বাবে সাহসী পদক্ষেপ লোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অহা ডেৰ-দুমাহৰ ভিতৰতে দলঙখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি ২০২৬ চনত সমাপ্ত কৰা হ’ব আৰু এই দলঙেৰে ২০২৬ ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ ঘুনাসুঁতিলৈ আহিব বুলিও ভাষণ প্ৰসংগৰ উল্লেখ কৰে ।

বহু বিতৰ্কিত এনএইচপিচিৰ(Dhemaji NHPC project) প্ৰসংগ উল্লেখ কৰি প্ৰকল্পটোৰ নামনি দিশৰ সুৰক্ষাৰ বাবে কৰ্তৃপক্ষই ১৯০ কোটি টকাৰ আঁচনি লোৱাৰ বাবে এনএইচপিচি কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, এই দলঙখনৰ বাবে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত ন-প্ৰভাতী হৈ উঠিব ঘুনাসুঁতি । যাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে লখিমপুৰবাসী ৰাইজ ৷

লগতে পঢ়ক:festival of Pahrag in Dhemaji : জোনাইৰ আমলখি পাইত গাৱঁত পঃৰাগ উৎসৱৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details