অসম

assam

ETV Bharat / state

Asam Sahitya Sabha Founfation Day : নাওবৈচাত অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সোমবাৰে নাওবৈচাত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস (Asam Sahitya Sabha Foundation Day) ৷ এই সভাত উপস্থিত থাকে নাওবৈচা শাখা সাহিত্য সভাৰ সভাপতি তথা সভাৰ সভাপতি তিলেশ্বৰ শইকীয়া ৷

foundation-day-of-asam-sahitya-sabha-celebrated-in-naoboicha
নাওবৈচাত অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Dec 28, 2021, 1:45 PM IST

নাওবৈচা, 28 ডিচেম্বৰ : সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস (Asam Sahitya Sabha Foundation Day) । লখিমপুৰৰ নাওবৈচা শাখা সাহিত্য সভাই উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷

সামূহিক চাফাই কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোত পুৱা 8 বজাত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰে নাওবৈচা শাখা সাহিত্য সভাৰ সভাপতি তথা সভাৰ সভাপতি তিলেশ্বৰ শইকীয়াই ।

নাওবৈচাস্থিত 1নং লথৌ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠানত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন গ্ৰন্থ উন্মোচনী সভাখনৰো আয়োজন কৰা হয় (Book unveiling ceremony in Naoboicha) ৷ এই সভাৰ আঁত ধৰে শাখা সাহিত্য সভা সম্পাদক উত্তম বৰাই ।

নাওবৈচাত অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

এই সভাত নাওবৈচা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰূপজ্যোতি নাথ আৰু লথৌ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন দত্তৰ দ্বাৰা সংকলন কৰা ভৌতিক গল্পৰ 'প্ৰেতাত্মা' গ্ৰন্থখনি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিনিধি উমানন্দ বৰুৱাই উন্মোচন কৰে (Book unveiled by Umbanda Baruah) । নাওবৈচা শাখা সাহিত্য সভা এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে শাখা সাহিত্য সভাৰ আজীৱন সদস্য লক্ষীৰাম নাথে ৷

ইয়াৰোপৰি 105 সংখ্যক প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে লখিমপুৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক নৱ কমল বৰাই ভাষণ প্ৰদান কৰে । আনহাতে এই সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অৰূপজ্যোতি ভূঞা, থানেশ্বৰ বৰুৱা, নন্দেশ্বৰ শইকীয়াৰ লগতে আন বহুকেইগৰাকী সাহিত্যনুৰাগী ৷

নাওবৈচা অনুষ্ঠিত এই সভাৰ মাজতে স্ব-ৰচিত কবিতা পাঠ কৰে কবি পুতলী বৰুৱাই ৷ লগতে সংস্কৃত শ্লোক "সুভাষিত" পাঠ কৰি সকলোকে আনন্দিত কৰি তোলে শিশু প্ৰিন্স প্ৰীতম বৰাই । সভাৰ শেষত নাওবৈচা শাখা সাহিত্য সভাৰ সহ সম্পাদক কৃষ্ণ হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায় ৷

লগতে পঢ়ক :Asam Sahitya Sabha Founfation Day: অসম সাহিত্য সভাৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details