অসম

assam

ETV Bharat / state

লখিমপুৰত ৭৩ সংখ্যক বন মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ - লখিমপুৰত ৭৩ সংখ্যক বন মহোৎসৱৰ কাৰ্য্যসূচী আৰম্ভ

আজিৰে পৰা দেশজুৰি আৰম্ভ হ'ল ৰাষ্ট্ৰীয় বন মহোৎসৱ(National Forest Festival begins across India from today) । সমগ্ৰ দেশৰ লগতে লখিমপুৰতো আজিৰে পৰা আৰম্ভ হৈছে এই মহোৎসৱৰ । সপ্তাহজোৰা ৭৩ সংখ্যক বন মহোৎসৱৰ আৰম্ভ কৰা হয় জহিং খণ্ড বন বিষয়াৰ কাৰ্যালয়ত ।

forest festival begins today at lakhimpur
লখিমপুৰত ৭৩ সংখ্যক বন মহোৎসৱৰ কাৰ্য্যসূচী আৰম্ভ

By

Published : Jul 1, 2022, 3:12 PM IST

লখিমপুৰ,১ জুলাই:আজিৰে পৰা দেশজুৰি সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে ৭৩ সংখ্যক বন মহোৎসৱ(National Forest Festival begins across India from today) । ১ জুলাইৰ পৰা ৭ জুলাইলৈ সপ্তাজোৰা কাৰ্যসূচীৰে চলিব এই মহোৎসৱ । ১৯৫০ চনত কানায়ালাল মানেকলাল মুঞ্চীয়ে আৰম্ভ কৰা এই মহোৎসৱ বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আৰম্ভ কৰা হৈছে । উল্লেখ্য যে সেই সময়ত কৃষি আৰু খাদ্যৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত থকা কানায়ালাল মানেকলাল মুঞ্চীয়ে দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল ।

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো শুকুৰবাৰে গছ পুলি বিতৰণ আৰু ৰোপণেৰে সপ্তাহজোৰা এই কাৰ্যসূচীৰ পাতনি মেলা হয় । জিলাখনৰ ভিতৰত শুকুৰবাৰে প্ৰথম এই কাৰ্যসূচী আৰম্ভ কৰা হয় জহিং খণ্ড বন বিষয়াৰ কাৰ্যালয়ত । কাৰ্যালয়টোত আনুষ্ঠানিকভাবে কেইবা শ মূল্যবান গছপুলি বিতৰণ কৰা হয় । গছপুলি বিতৰণ ৰ শুভাৰম্ভ কৰে লখিমপুৰৰ ৰেঞ্জাৰ নাৰায়ণ ঠাকুৰীয়াই । সহযোগ কৰে ডেপুটি ৰেঞ্জাৰ শংখনাথ পেগু আৰু জহিং খণ্ড বন বিষয়া মুকিবুৰ ৰহমানে ।

লখিমপুৰত ৭৩ সংখ্যক বন মহোৎসৱৰ কাৰ্য্যসূচী আৰম্ভ

অনুষ্ঠানটোত প্ৰকৃতি প্ৰেমী হামিদুৰ ৰহমানেও অংশগ্রহণ কৰি স্থানীয় লোকৰ মাজত গছপুলি বিতৰণ কৰি পুলিসমুহ প্ৰতিপালন কৰি এখন সেউজীয়া পৃথিবী গঢ় দিবলৈ ৰাইজক আহ্বান জনায় । উল্লেখ্য যে জুলাই মাহৰ প্ৰথম সপ্তাহটো গছ ৰোপণ কৰাৰ উপযুক্ত সময় । কিয়নো ভাৰতবৰ্ষৰ অধিকাংশ ঠাইতেই এই সময়চোৱাত মৌচুমী বায়ু ব'বলৈ ধৰে । আৰু সেই উদ্দেশ্যেৰেই প্ৰতিবছৰে এই বন মহোৎসৱ পালন কৰা হয় ।

লগতে পঢ়ক:Road accident at Bokakhat: ভাতৃৰ ঘৰলৈ গৈ উভতি নাহিল বুদ্ধিৰাম

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details