অসম

assam

ETV Bharat / state

দুৰ্ভিক্ষ সদৃশ পৰিস্থিতত কন্টেইনমেন্ট জ’ন - লখিমপুৰ জিলা প্ৰশাসন

লখিমপুৰৰ এটা কন্টেইনমেন্ট জ'নত দেওবাৰে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি । তীব্র খাদ্য সংকটত ভোগা শ শ ৰাইজে কন্টেইনমেন্ট জ’নৰ বাধা নেওচি লিপ্ত হ’ল প্ৰতিবাদী কাৰ্যসূচীত ৷

food-shortage-in-containment-zone
দুৰ্ভিক্ষ সদৃশ পৰিস্থিতত কন্টেইনমেন্ট জ’ন

By

Published : Jul 11, 2021, 5:57 PM IST

লখিমপুৰ, 11 জুলাই :তীব্ৰ খাদ্য সংকটত ভুগিছে লখিমপুৰৰ মৰনৈ আদৰ্শ গাঁৱৰ কন্টেইনমেন্ট জ'ন (containment zone )ত আবদ্ধ ৰাইজ ৷ খাদ্য সংকটত পৰা ৰাইজৰ মাজত দেওবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ প্ৰশাসনে ঘোষণা কৰা কন্টেইনমেন্ট জ’নৰ বাধা নেওচি বাহিৰলৈ ওলাই আহিল শ শ লোক ৷ দিন হাজিৰা কৰা গৰিষ্ঠ সংখ্যক লোকৰ বসতি প্ৰধান এই এলেকাত কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ পাছৰে পৰা প্ৰশাসনে খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ তুলিছে স্থানীয় বাসিন্দা সকলে ।

উল্লেখযোগ্য যে, বিগত কিছুদিনৰ পূৰ্বে এই অঞ্চলটোৰ ভালেমান লোকৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱাৰ পিছত প্ৰশাসনে অঞ্চলটো কন্টেইনমেন্ট জ'ন ৰূপে ঘোষণা কৰে । প্ৰশাসনৰ নিয়ম মতে, এলেকাটোত সকলো নিষেধাজ্ঞা আৰোপ কৰা হোৱাৰ ফলত আৱদ্ধ হৈ পৰে স্থানীয় ৰাইজ । গৰিষ্ঠ সংখ্যক দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকৰ বসতি স্থল এই এলেকাটো কন্টেইনমেন্ট জ'ন ৰূপে ঘোষণা কৰাৰ ফলত বিভিন্ন কামত ৰাইজ বাহিলৈ ওলাই আহিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হ’ল । ফলত তীব্ৰ খাদ্য সংকটত ভোগে এলেকাটোৰ ৰাইজ ।

দুৰ্ভিক্ষ সদৃশ পৰিস্থিতত কন্টেইনমেন্ট জ’ন

আনহাতে, বিগত ছদিন ধৰি প্ৰশাসনে কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰা নাই ৰাইজক । ফলত খাদ্য সংকটত ভোগা ৰাইজ দেওবাৰে কন্টেইনমেন্ট জ’নৰ বাধা নেওচি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয় । ছয় সাত দিন ধৰি তীব্ৰ খাদ্য সংকটত ভোগা ৰাইজে পথলৈ ওলাই আহি প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

খাদ্য সামগ্ৰী নিদিলে গঞা ৰাইজক গুলীয়াই মৰাৰো আহ্বান জনায় ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ পাছত গাঁওখনত আজি পাচ ছয় দিন ধৰি আৱদ্ধ হৈ আছে ১২২ টাকৈ পৰিয়াল । লখিমপুৰ প্ৰশাসন আৰু চৰকাৰখনে একো ব্যৱস্থা গ্ৰহণ নকৰাত দিন হাজিৰা কৰি এমুঠি খাদ্যৰ যোগাৰ কৰা ১২২ টা পৰিয়ালে বৰ্তমানে লঘোণ দি ৰজনী কটাইছে । উপায়ন্তৰ ৰাইজে অচিৰেই খাদ্য সামগ্ৰী নাপালে লঘোণত দিন কটোৱা ক'ভিড ৰোগীয়ে বেৰিকেড ভাঙি ওলাই আহিব বুলিও ভাবুকি প্ৰদান কৰিছে ক্ষুব্ধ ৰাইজে ৷

লগতে পঢ়ক :নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত

ABOUT THE AUTHOR

...view details