অসম

assam

ETV Bharat / state

লখিমপুৰত চৰকাৰী সাহাৰ্য বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম! - চৰকাৰী সাহাৰ্য বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম!

লখিমপুৰত বিতৰণ পঁচা চাউল ৷ আঠাযুক্ত চাউলৰ সৈতে ওলাইছে পোক ৷

food scandal at Lakhimpur
চৰকাৰী সাহাৰ্য্য বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম

By

Published : Apr 24, 2020, 8:09 PM IST

লখিমপুৰ, 24 এপ্ৰিলঃ লক ডাউনৰ সময়ত খাদ্য সংকটত পৰা দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াইছে ৰাজ্য চৰকাৰে ৷ কিন্তু তেনে সময়তে চৰকাৰী সাহাৰ্য দিয়াৰ নামত চলিছে ব্যাপক দুৰ্নীতি-অনিয়ম ৷ এই কাণ্ড সংঘটিত হৈছে লখিমপুৰ জিলাত ৷ জিলাখনৰ তেলাহী বান্তৌৰ বহু পৰিয়ালে চৰকাৰী সাহাৰ্যৰ নামত লাভ কৰিছে পঁচা চাউল ৷ যি চাউল কোনো প্ৰকাৰে খোৱাৰ বাবে উপযোগী নহয় ৷ ইয়াৰ উপৰিও আঠাযুক্ত চাউলখিনিৰ লগতে ওলাইছে পোক ৷ ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে তেলাহী বান্তৌৰ দৰিদ্ৰ লোকসকল ৷ দুৰ্যোগৰ এই সময়ত চৰকাৰী সাহাৰ্যৰ নামত এই ধৰণৰ চাউল বিতৰণক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে চৰকাৰী সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত একাংশ লোক যে দুৰ্নীতিত লিপ্ত হৈছে সেইয়াও স্পষ্ট হৈ পৰিছে ৷

চৰকাৰী সাহাৰ্য বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম!

ABOUT THE AUTHOR

...view details