লখিমপুৰ, ১৮ জুন:সমগ্ৰ ৰাজ্যৰ লগতে (Flood in Assam) ক্ৰমাৎ শোচনীয় হৈ পৰিছে লখিমপুৰ জিলাৰ বান পৰিস্থিতি (Flood situation remains critical in Lakhimpur) । নদীসমূহৰ বাঢ়নী পানীয়ে নিতৌ বুৰাই পেলাইছে ন ন অঞ্চল । ৰঙানদী, ডিক্ৰং, পাভ, শিঙৰা আদি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জিলাখনৰ বহু অঞ্চল (Over flow in Assam rivers) ।
ধাৰাসাৰ বৰষুণৰ লগতে নীপকোৱে এৰি দিয়া প্ৰকল্পৰ পানী, সোৱণশিৰি প্ৰকল্পৰ পৰা বাগৰি অহা অতিৰিক্ত পানীৰ ফলত জিলাখনৰ চৌদিশে এতিয়া সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । হাহাকাৰ লাগিছে বন্যাৰ্ত ৰাইজৰ ৷ অঞ্চলকেইটাৰ কৃষিভূমি, বাট-পথ, পঢ়াশালি, মন্দিৰ আদি সকলো বুৰ গৈছে পানীৰ তলত (Assam flood updates) ৷
শেহতীয়াকৈ লখিমপুৰ নগৰৰ সামান্য দূৰতে থকা কাকৈ নৈ আৰু গোমনদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে 6/7 খন গাঁও । গজিশলা লগতে কেবাখনো গাঁৱৰ পথসমূহত একঁকাল পানী (Flood washes out road in Lakhimpur) ৷ প্ৰশাসনৰ তৰফৰ পৰা কোনো সাহায্য নিদিয়াৰ অভিযোগ বন্যাৰ্তৰ ৷ অঞ্চলটোৰ কৃষিভূমি, বাট-পথ, পঢ়াশালি, মন্দিৰ আদি সকলো বুৰ গৈছে পানীৰ তলত (Flood in Lakhimpur ) ৷