লখিমপুৰ, 13 জুলাই : ধাৰাসাৰ বৰষুণত জটিল হৈ পৰিছে লখিমপুৰৰ বান পৰিস্থিতি ৷ বিশেষ কোনো পৰিৱৰ্তন হোৱা নাই লখিমপুৰৰ বান পৰিস্থিতিৰ ৷ বতৰৰ অৱস্থাৰ পৰিৱৰ্তন নহ’লে জিলাখনৰ বান পৰিস্থিতি উন্নত হোৱাৰ মুঠেও সম্ভাবনা নাই ৷ ফেনে-ফুটুকাৰে বাঢ়ি অহা নৈ সমূহৰ তাণ্ডৱ কিছু শাম কাটিলেও মূষলধাৰ বৰষুণে পৰিস্থিতি এতিয়াও জটিল কৰি ৰাখিছে জিলাখনত ৷
কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণে জটিল কৰি ৰাখিছে লখিমপুৰৰ বান পৰিস্থিতি ৷ মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান বন্যাৰ্ত ৰাইজৰ ৷ যোৱা প্ৰায় এটা পষেক ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে এতিয়াও জটিল হৈ আছে লখিমপুৰৰ বান পৰিস্থিতি ৷ চলিত বৰ্ষাকালৰ আৰম্ভণিতে শিঙৰা নৈয়ে মথাউৰি ছিঙাৰ পাছত দ্বিতীয়টো বানত গাভৰু নৈয়ে মথাউৰি ছিঙি বহু গাঁও, পথ, শস্য ক্ষেত্ৰৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ সমান্তৰালভাৱে নীপকোৱে প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ৰঙানদীয়েও সংহাৰ মুৰ্তি ধাৰণ কৰিছিল জিলাখনত ৷ বৰ্তমান নৈ সমূহৰ বানৰ প্ৰকোপ কিছু শাম কাটিলেও পৰিস্থিতি জটিল হৈয়েই আছে জিলাখনত ৷
ধাৰাসাৰ বৰষুণে জটিল বান পৰিস্থিতি অব্যাহত ৰখাত অৰিহণা যোগাই আহিছে জিলাখনৰ বিভিন্ন অঞ্চলত ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা বুধবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য মতে এতিয়াও জিলা খনত 36 খন গাঁও বানৰ কবলত আছে ৷ জিলাখনৰ বিহপুৰীয়া ৰাজহ চক্ৰত 11 খন, নাওবৈচা ৰাজহ চক্ৰত 6 খন আৰু সোৱণশিৰি ৰাজহ চক্ৰত 19 খন গাঁও বানৰ কবলত আছে ৷ এই বানপিঢ়ীত এলেকা সমূহৰ 25 হেজাৰ 752 জন লোক ক্ষতিৰ সন্মুখীন হৈছে ৷ প্ৰায় 295.50 হেক্টৰ শস্য ক্ষেত্ৰ বিনষ্ট হৈছে ৷ এইয়াই জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ ৰেহৰূপ ৷