লখিমপুৰ, 16 জুন: লখিমপুৰত সলনি হোৱা নাই বান পৰিস্থিতি ৷ বিপৰীতে অধিক শোচনীয় হোৱাৰ আশংকাহে প্ৰকাশ পাইছে বান পৰিস্থিতিয়ে ৷ কিয়নো জিলাখনত ইখনৰ পাছত সিখনকৈ নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিছে বিপদ সীমা ৷
লখিমপুৰত আৰু দুখন নদীৰ জলপৃষ্ঠই অতিক্ৰম কৰিলে বিপদ সীমা ৷ জটিল সংকটৰ দিশত জিলাখনৰ বান পৰিস্থিতি ৷ এক জটিল বান সংকটৰ সন্মুখলৈ আগুৱাইছে লখিমপুৰ জিলাৰ বান পৰিস্থিতিয়ে ৷ শিঙৰা নৈয়ে মথাউৰি ছিঙি জিলাখনৰ মধ্যস্থলত তাণ্ডব সৃষ্টি কৰাৰ সময়তে নীপকোৱে ৰঙানদী প্ৰকল্পৰ পানী মোকোলাই দিয়াত ৰঙানদীয়েও অচিৰেই সংহাৰ মুৰ্তি ধাৰণ কৰাৰ আশংকা কঢ়িয়াই আনিছে ৷ সমান্তৰালভাৱে ধাৰাসাৰে হৈ থকা বৰষুণৰ বাবে জিলা খনৰ আন নদী সমূহেও ৰূদ্ৰ ৰূপ ধাৰণ কৰিছে ৷
সোৱণশিৰি নদীৰ জলপৃষ্ঠই বৃহস্পতিবাৰে ঘনচৰাই এলেকাত বিপদ সীমা অতিক্ৰম কৰি বিপদৰ আগজাননী দিছে ৷ নদীখনে বিপদসীমা অতিক্ৰম কৰি সমীপৰ মথাউৰিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ বাবে বিধায়ক মানৱ ডেকা, উপায়ুক্ত সুমিত সাত্তাৱানে এই এলেকা পৰিভ্ৰমণ কৰি প্ৰয়োজনী ব্যবস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে ৷