নাওবৈচাত বান সাহায্য বিতৰণ অৰুণাচলত কৰ্মৰত অসমীয়া যুৱকৰ
জিলা প্ৰশাসনে সামান্য পৰিমাণৰ সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰা অন্ন-বস্ত্ৰ-বাসস্থানহীন নাওবৈচাৰ বানপীড়িত সকলৰ সাহায্যৰ্থে আগবাঢ়ি আহিল অৰুণাচলত কৰ্মৰত কিছু অসমীয়া যুৱক
নাওবৈচাৰ বানপীড়িতক সাহায্য বিতৰণ অৰুণাচলত কৰ্মৰত অসমীয়া যুৱকৰ
নাওবৈচা, 29 জুলাই :
- নাওবৈচাত বৰ্তমান স্বাভাৱিক অৱস্থাত শিঙৰা নদীৰ বান পৰিস্থিতি
- কিন্তু বন্যাতৰ মাজত কমা নাই সংহাৰী বানৰ বিভীষিকা
- বানে কাঢ়ি লৈ গ'ল অঞ্চলটোৰ ৰাইজৰ অন্ন-বস্ত্ৰ-বাসস্থান
- সামান্য পৰিমাণৰ সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে জিলা প্ৰশাসনে
- তাৰ মাজতে অঞ্চলটোৰ বানপীড়িতৰ সাহায্যৰ্থে আহিল অৰুণাচলত কৰ্মৰত অসমীয়া একাংশ যুৱক
- দেওবাৰে ১৩ জনীয়া অসমীয়া যুৱকৰ দলটোৱে নিজা উদ্যোগত কিছু সাহায্য প্ৰদান কৰে বানপীড়িতক