লখিমপুৰ, 14 জুন :লখিমপুৰ নগৰৰ গাতে লাগি থকা কেন্দ্ৰীয় আঁচনিৰ অধীনত নিৰ্মাণ কৰা এটা পথে এতিয়া জলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ উল্লেখ্য যে, ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালণায়ৰ দ্বাৰা অনুমোদিত হৈছিল মৈদমীয়াৰ এটা পকী পথ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা তিনিকোটিৰো অধিক টকা ব্যয়ৰ এই পথটোৰ দুৰৱস্থাৰ ফলত দুৰ্ভোগ ভুগিছে ৰাইজে(Flood on Lakhimpur road) ৷
মাহৰা বৰচাপৰিৰৰ পৰা মৈদমীয়া হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ নিৰ্মাণ কৰা এই পথচোৱাৰ এতিয়া ঠায়ে ঠায়ে একাঁঠু পৰ্যন্ত পানী । লখিমপুৰৰ বিধ্বস্ত এই পথত এতিয়া যমৰ-যাতনা ভুগিছে সৰ্বসাধাৰণ ৰাইজে । এজাক বৰষুণতে পথৰ ওপৰত হয় আঁঠুলৈকে পানী । লগতে যাতায়ৰ ক্ষেত্ৰতো যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ নাগৰিক । বিদ্যায়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷