লখিমপুৰ, 22 মে': কৰ'ণাৰ আতংকৰ মাজতে বৃহস্পতিবাৰে নিশাৰে পৰা হোৱা ধৰাষাৰ বৰষুণে বানৰ সৃষ্টি কৰিছে ৰাজ্যৰ বহু জিলাত ৷ আন বহু জিলাৰ সমান্তৰালকৈ লখিমপুৰত জিলাতো আৰম্ভ হৈছে বানৰ তাণ্ডৱ ৷ ৰঙানদী, শিঙৰা, সোৱণশিৰীৰ বাঢ়নী পানীয়ে ইতিমধ্যেই উটুৱাই নিছে বহু কেইখন গাঁৱৰ একমাত্ৰ যোগাযোগৰ আহিলা বাহৰ দলং৷ শুকুৰবাৰৰ পুৱতি নিশাৰে পৰা বানত বুৰ গৈছে লখিমপুৰ জিলাৰ 1 নং ডিৰ্জুৰ লগতে ডিৰ্জু পথাৰ বিস্তীৰ্ণ অঞ্চলৰ বড়ো ধানৰ খেতি ৷
কৰ'ণাৰ আতংকৰ মাজতে লখিমপুৰত বানৰ তাণ্ডৱ - Flood in Lakhimpur amid corona
ৰঙানদী, শিঙৰা, সোৱণশিৰীৰ বাঢ়নী পানীয়ে ইতিমধ্যেই উটুৱাই নিছে বহু কেইখন গাঁৱৰ একমাত্ৰ যোগাযোগৰ আহিলা বাহৰ দলং৷ শুকুৰবাৰৰ পুৱতি নিশাৰে পৰা বানত বুৰ গৈছে লখিমপুৰ জিলাৰ 1 নং ডিৰ্জুৰ লগতে ডিৰ্জু পথাৰ বিস্তীৰ্ণ অঞ্চলৰ বড়ো ধানৰ খেতি
![কৰ'ণাৰ আতংকৰ মাজতে লখিমপুৰত বানৰ তাণ্ডৱ Flood in Lakhimpur amid corona](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7302103-58-7302103-1590138663463.jpg)
কৰ'ণাৰ আতংকৰ মাজতে লখিমপুৰত বানৰ তাণ্ডৱ
কৰ'ণাৰ আতংকৰ মাজতে লখিমপুৰত বানৰ তাণ্ডৱ
ইয়াৰ উপৰিও প্ৰায় আটাইকেইখন নদীতে জলস্তৰ বৃদ্ধি পোৱাত লখিমপুৰৰ জিলাৰ নৈ পৰিয়া আমতলা, দুৱাৰপাৰ, জৈনপুৰ আদি অঞ্চলৰ প্ৰতি আহিছে ব্যাপক ভাবুকি ৷ অৰুণাচলত নিপকোৱে পানী এৰি থাকিলে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰিছে নৈ পৰীয়া ৰাইজে ৷