লখিমপুৰ, 1 আগষ্ট : ভৰ বাৰিষাৰ সময়চোৱাত প্ৰতিবছৰৰ দৰে এইবছৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ইতিমধ্যেই বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ ইয়াৰ মাজতে শেহতীয়াকৈ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চলত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ এফালে ক'ভিডৰ সংহাৰী ৰূপ আৰু আনফালে বানৰ কবলত পৰি এতিয়া জুৰুলা হৈছে অঞ্চলটোৰ শ শ পৰিয়াল ৷
উল্লেখ্য যে, দুই-তিনিদিনৰ বিৰতিত এই বৃহৎ অঞ্চলটো বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈ আহিছে ৷ মূলতঃ কাকৈ আৰু গোমনদি বাঢ়নী পানীৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে কদম বাগানগাঁও, কদমটেঙাবস্তি, গজিশলা, নভঙনীয়াকে আদি কৰি কেইবাটাও অঞ্চল ৷ বানৰ কবলত পৰি দীৰ্ঘদিনৰ পৰা জীয়াতু ভূগিবলগীয়া হৈছে অঞ্চলকেইটাৰ সাধাৰণ ৰাইজে ৷ ইমানৰ পিছতো কিন্তু কোনো এজন জন প্ৰতিনিধি উক্ত অঞ্চলত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীসকলে ৷