অসম

assam

ETV Bharat / state

নাওবৈচাত বানৰ সংহাৰী ৰূপ - ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নাওবৈচাৰ মহঘূলিত হঠাৎ অৱৰ্ণনীয় পৰিস্থিতি ৷ শিঙৰা নদীৰ ভয়ংকৰ বানৰ কৱলত বিস্তৰ অঞ্চল ৷ ৫০ মিটাৰকৈ দুঠাইত ছিগিল শিঙৰা নৈৰ কৃষিবান্ধ ৷

flood creating havoc in nowboicha
নাওবৈচাত বানৰ সংহাৰী ৰূপ

By

Published : Jul 11, 2021, 10:56 PM IST

নাওবৈচা, ১১জুলাই :নাওবৈচাত শিঙৰা নৈৰ সংহাৰী ৰূপ ৷ লখিমপুৰ জিলাৰ গাতে লাগি থকা পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে শিঙৰাৰ উৎপত্তি স্থলত শনিবাৰৰে পৰা চলি থকা ধাৰাসাৰ বৰষুণত ফলত নদীখনৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে উফন্দি অহাত । নদীখনৰ সংহাৰী বানে মহাপ্ৰলয়ৰ সূচনা কৰি দেওবাৰে নদীখনৰ কাষতে থকা কেইবাটাও কৃষিবান্ধ ছিঙি নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ কেইবাখনো গাঁৱৰ সহস্ৰাধিক বাসিন্দাৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে, শিঙৰা নদীৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপত থকা উন্মুক্ত মথাউৰি অংশৰে অহৰহ পানী সোমাই থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ বিভিন্ন স্থান বানত বুৰ গৈছে ৷ বিশেষকৈ গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২নং গেলাহাটী, ৰৌদোং, বৰপথাৰ, চেঙেলীজান, আহুমণি, শিঙৰা গাঁও, গৰছিগা, পানধোৱা, মহঘুলি, টকৌগুৰি, বঙালচুক, বৰচলা আদিকে ধৰি ১০-১২ খনতকৈ অধিক গাঁও জলমগ্ন হৈ পৰিছে । অঞ্চলটোৰ ৰাইজে শিঙৰা নদীখনৰ উন্মুক্ত মথাউৰি নিৰ্মাণৰ কাৰণে বিগত পাঁচ-ছয় বছৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাকে ধৰি বহু আন্দোলনৰ কৰিছিল যদিও চৰকাৰ তথা জিলা প্ৰশাসনে উন্মুক্ত মথাউৰি অংশ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সমগ্ৰ ৰাইজে পুনৰ সংহাৰী বানত ককবকাব লগা হৈছে ।

নদীখনৰ ওভতনি পানী আৰু অঞ্চলটোৰ মাজৰে পাৰ হৈ যোৱা চাৰি-পাঁচটা জানজুৰি পানী একেলগ হৈ যোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত আতংক সৃষ্টি হৈছে ৷ লগতে কৃষক ৰাইজে কষ্টৰে কৰা শ শ বিঘা শালি খেতি পানীত আৰু কঠিয়া ডুব যোৱাত কৃষক ৰাইজ বিপাঙত পৰিছে । ইফালে দেওবাৰে পুৱা নদীৰখনৰ সংহাৰী বানে গড়ছিগা বজাৰৰ সমীপত থকা মহঘুলিৰ এটা কৃষিবান্ধ(agricultural damn) দুঠাইত প্ৰায় ৫০ মিটাৰকৈ ছিঙি নিয়াত বৃহত্তৰ অঞ্চলটোৰে যাতায়ত ব্যাহত হৈ আছে ।

নাওবৈচাত বানৰ সংহাৰী ৰূপ

ইফালে, পহুমৰা পকণীয়া সংযোগী গড়কাপ্তানি পথৰ গোসাঁনীবাৰী আৰু গেলাহাটী অংশত একাঠু পৰ্যন্ত ডুবাই ৰখাত পথটোৰে বৰ্তমান যাতায়ত বন্ধ হৈ পৰিছে । গাঁও দুখনৰ ৰাইজে এতিয়া নাওঁৰে যাতায়ত অব্যাহত ৰাখিব লগীয়া হৈছে । আনহাতে, নদীখনৰ বানে শনিবাৰে পুৱা উজনিৰ ৰেল দলঙৰ সমীপৰ ফুলবাৰী বস্তিত নতুনকৈ নিৰ্মান কৰা এটি কৃষিবান্ধ কেইবাটাও অংশত ছিঙি অঞ্চলটোত বান বিভীষিকাৰ সৃষ্টি কৰে ।

এমজিএনৰেগা(MGNREGA) আঁচনিৰ অধীনত ২০ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কৃষিবান্ধটো নিৰ্মাণৰ সময়ত দুৰ্নীতি কৰাৰ বাবেই এতিয়া, এজাক বৰষুণৰ ফলতেই ছিঙি গ’ল বুলি ৰাইজে অভিযোগ কৰিছে । বিগত জুন মাহত নদীখনৰ সংহাৰী বানে অঞ্চলটোৰ ৩০ খনতকৈ অধিক গাঁৱত সংহাৰ ৰূপ ধাৰণ কৰি জনসাধাৰনৰ অন্ন বস্ত্ৰ বাসস্থান পানীৰ তলত ডুবাই এক অভাৱনীয় পৰিবেশৰ সূচনা কৰিছিল । কিন্তু সেই বানৰ বিভীষিকা মাৰ নৌযাওঁতে এতিয়া পুনৰ নদীখনৰ বানে অঞ্চলটোত তাণ্ডৱ চলোৱাকলৈ অধিক চিন্তিত হৈ পৰিছে জনসাধাৰণ ।
লগতে পঢ়ক :নিজৰ মাজতে সংঘৰ্ষ লাগি প্ৰাণ হেৰুৱালে বীৰাপ্পানে

ABOUT THE AUTHOR

...view details