অসম

assam

ETV Bharat / state

বানৰ কবলত লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল - চিন্তিত

নিশা লখিমপুৰৰ লগতে অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বানৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল ৷ বোকা নৈ আৰু শিঙৰা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে জিলাখনৰ বহুকেইখন গাঁও ৷

বানৰ সংহাৰী ৰূপে বুৰাই পেলাইছে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল

By

Published : Jun 16, 2019, 3:21 PM IST

লখিমপুৰ, 16 জুন: বাৰিষাৰ আগমনৰ লগে লগে ৰাজ্যত সংহাৰী ৰূপ লৈছে বান পৰিস্থিতিয়ে ৷ দেওবাৰে নিশাৰে পৰা লখিমপুৰ জিলাত কালৰূপ ধাৰণ কৰিছে বানে ৷ নিশা লখিমপুৰৰ লগতে অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বানৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল ৷ বোকা নৈ আৰু শিঙৰা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে জিলাখনৰ বহুকেইখন গাঁও ৷

বানৰ সংহাৰী ৰূপে বুৰাই পেলাইছে লখিমপুৰৰ বিস্তীৰ্ণ অঞ্চল

ইতিমধ্যে, নাওবৈছা সমষ্টিৰ ৰানাবাৰী, সোণাপুৰ, বাৰমাইল আদিকে ধৰি অঞ্চলটোৰ কেইবাখনো গাঁও বানৰ কবলত ৷ প্ৰথমটো বানতেই পানীয়ে অঞ্চলটোৰ কৃষিভূমি বুৰাই পেলোৱাত চিন্তিত হৈ পৰিছে বান আক্ৰান্ত ৰাইজ ৷

ABOUT THE AUTHOR

...view details