অসম

assam

ETV Bharat / state

কৃত্ৰিম বানৰ কবলত ঢকুৱাখনা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ড - এজাক বৰষুণতেই জলবন্দী

এজাক সাধাৰণ বৰষুণতেই জলবন্দী হৈ পৰে ঢকুৱাখনা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ডৰ ৰাইজ ৷ বিজ্ঞানসন্মত নলা-নৰ্দমা নিৰ্মাণ নোহোৱাৰ বাবেই প্ৰতিবছৰে বৰষুণৰ পানী জমা হোৱাত এনেদৰে যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে ৷

কৃত্ৰিম বান

By

Published : Jun 28, 2019, 11:49 AM IST

ঢকুৱাখনা, 28 জুন : এজাক সাধাৰণ বৰষুণতেই জলবন্দী হৈ পৰে ঢকুৱাখনা নগৰ সমিতিৰ অধীনস্থ তিনি নম্বৰ ৱাৰ্ডৰ ৰাইজ ৷ ৱাৰ্ডটোৰ আলোক নগৰ,মিলন নগৰ,বালিগাঁও, বেংগলী পট্টী,মানিকপুৰ আদি আৱাসিক এলেকাত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু নগৰ সমিতিৰ অকৰ্মণ্যতাৰ সুযোগ লৈ তথা একাংশ নাগৰিকে যধে মধে মাটি পুতি ঘৰ দুৱাৰ সজাৰ কাৰণতেই নগৰখনৰ এইসকল বাসিন্দাই এতিয়া বাৰিষা কালত নৰক যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে । ইপিনে আজিপৰ্যন্ত অঞ্চলকেইটাত বিজ্ঞানসন্মত কোনো নলা-নৰ্দমা নিৰ্মাণ নোহোৱাত প্ৰতিবছৰে বৰষুণৰ পানী জমা হোৱাত যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে ৷

কৃত্ৰিম বান

প্ৰতিবছৰে বৰষুণত জমা হোৱা পানীখিনি উলিওৱাই নিয়াৰ ব্যৱস্থা কৰিবলৈ ৱাৰ্ডবাসীয়ে নলা নিৰ্মাণ ৱাৰ্ড কমিছনাৰৰ লগতে নগৰ সমিতিৰ সভানেত্ৰীক বহুবাৰ আৱেদন কৰি আহিছে যদিও সমিতিৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই আজি পৰ্যন্ত নিৰ্মাণ নহ'ল কোনোধৰণৰ নলা ৷ যাৰ পৰিপ্ৰেক্ষিততে দুৰ্ভোগ ভুগি আহিছে ৰাইজে ৷

ABOUT THE AUTHOR

...view details