লখিমপুৰ, ৭ এপ্ৰিল: অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ হকে অব্যাহত আছে দুয়ো ৰাজ্যৰ আলোচনা | সৌহার্দ্য মূলকভাৱে এই সমস্যাৰ সমাধান হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰি থকাৰ সময়তে লখিমপুৰত অসম-অৰুণাচল সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ সীমান্ত এলেকাত অৰুণাচলী দুৰ্বৃত্তই অসমৰ বনৰক্ষীলৈ গুলীচালনা কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই ঘটনা ৷ সীমান্ত পৰ্যবেক্ষণ কৰিবলৈ যোৱা অসমৰ বন বিষয়াৰ দললৈ লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই গুলীচালনা কৰে (Firing Incident in Assam Arunachal Border) ৷
লখিমপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰীৰ অধীনস্থ এ চি এফ অশোক কুমাৰ দাসৰ লগত হাৰমতী আঞ্চলিক বন বিষয়া আৰু লখিমপুৰৰ বন সুৰক্ষাকৰ্মীৰ এটা প্ৰায় কুৰিজনীয়া দল বৃহস্পতিবাৰে হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ জুটুলি বাগানত উপস্থিত হয় ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোৰ জুটুলী বাগানত অসমৰ ভূমিত প্ৰায় এটা পষেকৰ পূৰ্বে অৰুণাচলী লোকে টিঙৰ ঘৰ সাজি বাস কৰিবলৈ লোৱাৰ পাচত সেই বিষয়টো ৰামপুৰ বন খণ্ডৰ খণ্ড বন বিষয়াই উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰিছিল ৷ ইয়াৰ পাচতেই বৃহস্পতিবাৰে সেই স্থানত তদন্তৰ বাবে উচ্চপদস্থ বন বিষয়াজন উপস্থিত হয় (Assam Arunachal Border Issue) ৷