লখিমপুৰ, 16 মে' :দুৰ্ঘটনাত পতিত হৈ অজান মুলুকলৈ গ’লগৈ আৰক্ষী বিষয়া জোনমণি ৰাভা (SI Junmoni Rabha accident) ৷ সোমবাৰে নিশা নগাঁও জিলাৰ জখলাবন্ধাত হোৱা এটা পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় আৰক্ষী বিষয়া জোনমণি ৰাভাই । এতিয়া ৰাজ্য জোঁকাৰি গৈছে এই দুৰ্ঘটনাৰ বাতৰিয়ে (SI Junmoni Rabha accident is in mystery)।
এই ঘটনাৰ পিচতে লখিমপুৰতো চৰ্চালৈ আহিছে আৰক্ষী বিষয়াগৰাকীৰ নাম । যোৱা 12 মে’ত জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰিছিল (FIR against Jonmani Rabha) ৷ জোনমণি ৰাভাৰ লগতে আৰু অন্য কেইজনমানৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল আমিনা খাতুন নামৰ মহিলাগৰাকীয়ে ৷ লখিমপুৰৰ দুই নং বৰচলা নিবাসী আব্বাচ আলীৰ পত্নী আমিনা খাতুন (FIR against Jonmani Rabha in Lakhimpur)।
লখিমপুৰ সদৰ থানাত আমিনাই নগাঁও সদৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভা, বিহপুৰীয়া 1 নং আহমেদ নুৰমহমদ কালিয়া, আজিমুদ্দিন, মোস্তাক আহমেদ, পাভ চাৰি আলিৰ মোক্তাব হুছেইন, 1 নং বৰচলাৰ নজৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । এজাহাৰখনত আমিনাই উল্লেখ কৰা অভিযোগ আনুসৰি, যোৱা 6 মে’ৰ নিশা প্ৰায় 2 মান বজাত তেওঁৰ ঘৰত জোনমণি ৰাভাৰ সৈতে অহা দলটোৱে আমিনাৰ পুত্র আজগৰ আলীক বিনা কাৰণত মাৰধৰ কৰাৰ লগতে আজগৰৰ পত্নীৰ পৰা 80 হেজাৰ টকা, ভোটাৰ কাৰ্ড, পান কাৰ্ড, সোণৰ কাণফুলি আদি লৈ যোৱাৰ উপৰি আজগৰক চোঁচৰাই লৈ যায় (FIR against Jonmani for allegedly beating up youth)।