বিহপুৰীয়া, 22 অক্টোবৰ :ৰাজ্য তথা দেশবাসীৰ বাবে এক সু-খবৰ ৷ দেশত ইতিমধ্যে সম্পূৰ্ণ হৈছে100 কোটি জনতাক ভেকচিন প্ৰদানৰ কাৰ্যসূচী ৷ এক প্ৰকাৰে ক’ব পাৰি যে, ক’ভিড মহামাৰীৰ সৈতে যুঁজ দিবলৈ দেশৰ অধিকাংশ জনতাই ইতিমধ্যে লাভ কৰিছে কৰ’ণা মহামাৰীৰ সুৰক্ষা কৱচ স্বৰূপ ক’ভিড প্ৰতিষেধক ৷
বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলত ৰাজ্যতো ইতিপূৰ্বে 1 কোটি জনতাক প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক ৷ এই উপলক্ষে বৃহস্পতিবাৰে ৰাজ্যজুৰি ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তা সকলে কাল কৰ’ণাৰ সৈতে সন্মুখৰ পৰা যুঁজ দি যোদ্ধা সকলক সম্বৰ্দ্ধনা জনায় ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নাৰায়ণপুৰ মণ্ডল বিজেপিৰ নেতৃত্বত নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়কে ধৰি প্ৰতিটো স্বাস্থ্য উপকেন্দ্ৰলৈ গৈ স্বাস্থ্য কৰ্মীসকলক ফুলাম গামোচা পিন্ধাই সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
লগতে পঢ়ক :সম্পূৰ্ণ হ’ল ১০০ কৌটি জনতাক ফ্ৰী' ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া: বৰপেটাত অভিনন্দন কাৰ্যসূচী