অসম

assam

ETV Bharat / state

শংকৰদেৱ সংঘৰ উদ্য়োগত কৃৰ্তীমানক সম্বৰ্ধনা - শিক্ষাৰ্থী

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা শাখাই , ঢকুৱাখনাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ সহযোগত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ৷

ঢকুৱাখনাত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা

By

Published : May 29, 2019, 3:04 PM IST

Updated : May 29, 2019, 3:13 PM IST


ঢকুৱাখনা , 29 মে': বুধবাৰে লখিমপুৰ জিলাৰ ঢকুৱাখনাত, ডিষ্টিংচন সহ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঢকুৱাখনা লৈ গৌৰৱ কঢ়িয়াই অনা ছয় গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা শাখাই , ঢকুৱাখনাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ সহযোগত এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ৷

ঢকুৱাখনাত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সম্বৰ্ধনা

সম্বৰ্ধনা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকল হৈছে নীলিমা বুঢ়াগোহাঁই , প্ৰণৱ কুমাৰ পেগু , সুদক্ষিণা কোঁৱৰ , নিমিষা বৰা, সুপ্ৰিয়া দলে আৰু ত্ৰিবেণী গোহাঁই ৷ এই শিক্ষাৰ্থী সকলক এখন ফুলাম গামোচা, মানপত্ৰ আৰু এটি গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় ৷ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ গৃহত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত ,ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গিৰিন গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্নৰে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ তিনিজনে ডিষ্টিংচন , এজনে ষ্টাৰ মাৰ্ক আৰু 7 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷ মুঠ 10 গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকীয়েই উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ সুদক্ষিণা কোঁৱৰে(527), সুপ্ৰিয়া দলে(515) আৰু ট্ৰিবেণী গোহাঁইয়ে (512) নম্বৰেৰে ডিষ্টিংচন লাভ কৰিছে ৷

Last Updated : May 29, 2019, 3:13 PM IST

ABOUT THE AUTHOR

...view details