লখিমপুৰ, ১০ জুলাই :লখিমপুৰ নগৰৰ মাজ মজিয়াত থকা এখন সুনামযুক্ত বিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় কৃতী শিক্ষার্থীৰ এক অভিনন্দন অনুষ্ঠান । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৃৰ্তীমান ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সু-শিক্ষাৰে সুন্দৰ সমাজ গঢ়াত অৰিহণা যোগোৱাৰ বাবে অভিভাৱক আৰু শিক্ষক সমাজৰ শলাগ লয় । ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কেতবোৰ সাৰুৱা কথা কয় ৷
লখিমপুৰ নগৰৰ খেলমাটিত থকা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে কৃতী শিক্ষার্থীৰ এক অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয় । উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সমিতিৰ উদ্যোগত এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় । মূলত ২০২২-২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জনাৱা হয় এই অনুষ্ঠানত ।