অসম

assam

ETV Bharat / state

Lakhimpur News: লখিমপুৰত চাঞ্চল্যকৰ ঘটনা; কণমানি সন্তানক চোকা অস্ত্ৰৰে আক্ৰমণ পিতৃৰ - Son Attacked by Father in Lakhimpur

লখিমপুৰ নগৰৰ চি ডি ৰোডত বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ সুৰাপায়ী পিতৃয়ে চোকা অস্ত্ৰৰে ডিঙিত আঘাত কৰি আহত কৰিলে কণমানি সন্তানক (Father Attacked Son With Sharp weapon) ৷

Father Attacked Son With Sharp weapon
সুৰাপায়ী পিতৃয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে 10 বছৰীয়া সন্তানক

By

Published : Jun 1, 2023, 6:04 PM IST

সন্তানক চোকা অস্ত্ৰৰে আক্ৰমণ পিতৃৰ

লখিমপুৰ, 1 জুন: ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা ৷ নিজ পুত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰিলে পিতৃয়ে ৷ পাষাণ পিতৃৰ আক্ৰমণৰ বলি হ’ল 10 বছৰীয়া পুত্ৰ সন্তান ৷ সুৰাপায়ী পিতৃয়ে চোকা অস্ত্ৰৰে ডিঙিত আঘাত কৰি আহত কৰিলে কণমানি সন্তানক (Father Attacked Son With Sharp weapon) ৷

লখিমপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ লখিমপুৰ নগৰৰ চি ডি ৰোডত বুধবাৰে নিশাৰ ভাগত সংঘটিত হ’ল এই চাঞ্চল্যকৰ ঘটনা ৷ পিতৃয়ে চোকা কটাৰীৰে ৰেপি আহত কৰিলে নিজৰ সন্তানক ৷ চি ডি ৰোডৰ পানীন্দ্ৰ নামঘৰৰ সমীপৰ কনকেশ্বৰ নাথ নামৰ লোকজনে সুৰাসক্ত হৈ কটাৰিৰে ৰেপি ৰেপি হত্যাৰ চেষ্টা চলাই নিজ পুত্ৰক ৷ সুৰাসক্ত হৈ নিজৰ সন্তানৰ ডিঙিত চোকা কটাৰিৰে আক্ৰমণ কৰে কনকেশ্বৰে (Father Attacked Son With Sharp weapon in Lakhimpur) ৷

অৱশ্যে স্থানীয় লোকে ঘটনাৰ বিষয়ে অৱগত হৈ শিশুটিক পাষাণ পিতৃৰ কবলৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় (Father attack son with sharp weapon) ৷ ঘটনাৰ বিষয়ে আৰক্ষীক জনোৱাত নিশাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পাষাণ পিতৃ কনকেশ্বৰ নাথক লগে লগে আটক কৰাৰ লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে চোকা অস্ত্ৰ ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হৈ অনুসন্ধান কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Father Attacked Son) ৷

সম্প্ৰতি কনকেশ্বৰ নাথ সদৰ থানাত আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে (Son Attacked by Father in Lakhimpur) ৷ দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা কনকেশ্বৰ সপৰিয়ালে আছিল এটা ভাৰাঘৰত ৷ সুৰাসক্ত হৈয়েই এই জঘন্য ঘটনাটো সংঘটিত কৰা বুলি প্ৰতিবেশীয়ে মত প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, কনকেশ্বৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিশুটি বৰ্তমান লখিমপুৰ মেডিকেল কলেজত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে (Lakhimpur News) ৷

লগতে পঢ়ক:Rangia terrible road accident : ৰঙিয়াৰ চেপ্তিত যাত্ৰীবাহী আৰু স্কুলৰ বাছৰ মাজত সংঘৰ্ষ, আহত 20

ABOUT THE AUTHOR

...view details