অসম

assam

ETV Bharat / state

কাইলৈৰ পৰা আৰম্ভ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু

ঢোল-পেঁপা আৰু বিহু গীতৰ সুৰৰে মুখৰিত ঢকুৱাখনাৰ আকাশ-বতাহ ৷ সকলোৰে বহু প্ৰত্যাশিত ফাট বিহুৰ বাবে আটক-ধুনীয়াকৈ সজাই তোলা হৈছে চাৰিকড়িয়া নৈৰ পাৰ ৷

By

Published : May 9, 2019, 11:36 AM IST

etv bharat

ঢকুৱাখনা, 9 মে’: ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ফাটবিহু ৷ বছৰ বছৰ ধৰি পালন কৰি অহা ঐতিহ্যমণ্ডিত ফাট বিহুলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা লোক আহি উপভোগ কৰেহি বিহু অনুষ্ঠান ৷ শিচু গছেৰে ভৰপূৰ চাৰিকড়িয়া নৈৰ পাৰৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতে প্ৰত্যেক বছৰে উদ্​যাপন কৰা এই অনুষ্ঠানৰ বাবে এতিয়া বিহু আখৰাত ব্যস্ত বিহুৱতী নাচনীসকলো ৷ ম’হঘূলি চাপৰিৰো প্ৰতিজোপা গছত ৰং তুলিকা বুলাই আটক-ধুনীয়াকৈ সজাই তুলিছে আয়োজকসকলে ৷ ঢোল-পেঁপা আৰু বিহু গীতৰ সুৰেৰে মুখৰিত হৈ উঠিছে এতিয়া ম’হঘূলি চাপৰি ৷

কাইলৈৰ পৰা আৰম্ভ ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটবিহু

ABOUT THE AUTHOR

...view details