অসম

assam

By

Published : May 10, 2019, 10:33 AM IST

ETV Bharat / state

ম’হঘুলি চাপৰিত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ফাটবিহু

শুকুৰবাৰৰ পৰা ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ফাটবিহু । ১০ মে'ৰ পৰা ১২ মে'লৈ অনুষ্ঠিত হ'বলগা অনুষ্ঠানত প্ৰথম দিনা টকা বিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ।

মহঘুলি চাপৰিত তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহুৰ আয়োজন

ঢকুৱাখানা, ১০ মে': ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ মহঘুলি চাপৰিত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ফাটবিহু । ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাৰ পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব ফাটবিহু কাৰ্যসূচী । ইয়াৰ পাছতেই শ্বহীদ তৰ্পণ কাৰ্যসূচী সামৰণি পৰাৰ পাছতেই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অহা বিহু দলসমূহক পৰম্পৰাগত নিয়মেৰে আদৰণি জনাই উদযাপন সমিতিয়ে ।

মহঘুলি চাপৰিত তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহুৰ আয়োজন

১০ মে'ৰ পৰা ১২ মে'লৈ অনুষ্ঠিত হ'বলগা ফাটবিহু কাৰ্যসূচীৰ প্ৰথম দিনা টকা বিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ।

ABOUT THE AUTHOR

...view details