ঢকুৱাখানা, ৮ মে': ঢকুৱাখানাৰ চাৰিকড়ীয়া পাৰৰ মহঘুলি চাপৰিত ১০ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত ফাটবিহু উদযাপন কৰা হ'ব। ১০ মে'ৰ পৰা ১২ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ফাটবিহুৰ বৰ্ণিল কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ঢকুৱাখানাৰ বিভিন্ন গাঁৱৰ জেং বিহু, মুকলি বিহু, টকা বিহুৰ দলে প্ৰস্তুতি চলাই আহিছে।
ঢকুৱাখানাত তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহু উদযাপন - ১০ মে'ৰ পৰা ১২ মে'
ঢকুৱাখানাৰ মহঘুলিত ১০মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহু উদযাপন কৰা হ'ব। এই লৈ এতিয়া ব্যস্ত হৈ পৰিছে ঢকুৱাখানাবাসী ।
ঢকুৱাখানাত তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহু উদযাপন
উজনি অসমত চুতীয়াসকলৰ ৰাজত্বকালৰে পৰা পালন কৰি অহা ঢকুৱাখানাৰ এই ফাটবিহুলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাতে প্ৰস্তুতি তুংগত ৰাখিছে ঢকুৱাখানাবাসীয়ে।