বিহপুৰীয়া, 3 জানুৱাৰী :ধান খেতি কৰি এজন কৃষকৰ কিমান লাভ হয়, সেয়া হয়তো প্ৰতিগৰাকী সচেতন ব্যক্তিৰ সহজে অনুমেয় । কিন্তু এইবাৰ ধান খেতিৰ কথা ক'বলৈ যোৱা নাই ৷ সম্প্ৰতি আলু খেতি কৰি কৃষকে মূৰে-কপালে হাত দিছে ৷ ইয়াৰ কাৰণ হৈছে পথাৰত দেখা দিয়া চিৰাল ফাঁট ৷
বিহপুৰীয়াত পুহমহীয়া পথাৰত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ কাৰণ বৰষুণৰ অভাৱত আলু খেতি কৰিবলৈ পথাৰত নাই পৰ্যাপ্ত পৰিমাণৰ পানী ৷ যাৰ বাবে এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে বিহপুৰীয়াৰ অধিকাংশ কৃষকে ৷ চৰকাৰী জলসিঞ্চন বিভাগৰ পয়ালগা অৱস্থা (Poor Condition of Irrigation department) ৰ ফল ভূগিছে কৃষকসকলে ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বৰষুণ নোহোৱাত পথাৰত মেলিছে চিৰাল ফাঁট (Drought situation in Bihpuria) ৷
বৰষুণৰ অভাৱত চিৰাল ফাঁট মেলা পথাৰত কৃত্ৰিম পদ্ধতিৰে পানী দিয়াৰ বাবেও নাই কোনো পৰ্যাপ্ত ব্যৱস্থা ৷ নাই চৰকাৰী জলসিঞ্চন বিভাগৰ সুবিধা ৷ ইফালে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰে চালিত মেচিন চলাই পথাৰত পানী যোগান ধৰিবলৈও আৰ্থিকভাৱে টনকিয়াল নহয় অঞ্চলটোৰ কৃষক ৷ পানীৰ অভাৱত বিহপুৰীয়াৰ অধিকাংশ কৃষকে গাঁঠিৰ ধন ভাঙি কৰা আলু খেতি বিঘাই বিঘাই নষ্ট হৈছে ৷ যাৰ বাবে উপায়ন্তৰ হৈ মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হৈছে কৃষকসকলৰ ৷