লখিমপুৰ, ১৮ জানুৱাৰী:চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা ২১ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দেশক প্ৰতিনিধিত্ব কৰে অসম সন্তান লখিমপুৰৰ ফাৰহানা আহমেদে(Farhana ahmed in dhaka international film festival) । বিশ্বৰ ৭১ খন দেশৰ অংশগ্রহণেৰে বাংলাদেশৰ ঢাকাত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱত অংশগ্রহণ কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছিল ফাৰহানাই(2023 Dhaka International Film Festival ) ।
ফাৰহানাই দুদিনীয়াকৈ আয়োজিত উক্ত মহোৎসৱৰ আলোচনাচক্ৰত অংশগ্রহণ কৰি ইতিমধ্যে স্বদেশলৈ ঘূৰি আহিছে । উক্ত চলচ্চিত্র মহোৎসৱত অংশগ্রহণ কৰাৰ বাবে ফাৰহানাই আমন্ত্ৰণ লাভ কৰাত সমগ্ৰ জিলাখনৰ লোকসকল গৌৰৱাম্বিত হৈ পৰে ৷ তেওঁ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত অংশগ্রহণ কৰাৰ উপৰিও ১৫ আৰু ১৬ জানুৱাৰীত ঢাকাৰ ৰেইনব' ফিল্ম ছ’চাইটিয়ে মহিলা চলচ্চিত্র নির্মাতা, অভিনেত্রী, চলচ্চিত্র নিৰ্মাণত জৰিত মহিলাসকলক লৈ আয়োজন কৰা "ঢাকা ইণ্টাৰনেচনেল কনফাৰেন্স অন উইমেন চিনেমা ২০২৩" অভিৱৰ্তনতো অংশগ্রহণ কৰে ।
ফাৰহানাই বাংলাদেশৰ "চেনেল আই" নামৰ আগশাৰীৰ ৰাষ্ট্ৰীয় টেলিভিশন চেনেলৰ টক শ্ব’তো অংশগ্রহণ কৰিবলৈ সুযোগ লাভ কৰে । ভাৰতীয় চিনেমা জগতত মূলতঃ হিন্দী চিনেমাত মহিলাক কেনে দৃষ্টিভংগীৰে চোৱা হয় তথা উপস্থাপন কৰা হয় সেই সকলো দিশক সামৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ বিভিন্ন আলোচনাত অংশগ্রহণ কৰি বলিষ্ঠ ৰূপত আত্মপ্ৰকাশ কৰে । গণসংযোগত স্নাতক ফাৰহানাই সংবাদক্ষেত্রৰ সমানে চলচ্চিত্রৰ পথাৰতো বিশেষকৈ মহিলাসকলৰ বাবে বিশেষ চিন্তা-চৰ্চাৰে কাম কৰি আহিছে ।