লখিমপুৰ, 28 মাৰ্চ :অৰুণাচলৰ সচিবালয়ৰ দেৱালত NO MORE DAMS লিখি গ্ৰেপ্তাৰ হ’ল শিল্পী নীলিম মহন্ত(Artist Nilim Mahanta Arrested By Arunachal Police) । অৰুণাচলৰ বৃহৎ নদীবান্ধৰ বিৰোধী শিবিৰৰ আমন্ত্ৰণ ক্ৰমে শনিবাৰে নিশা দেৱাল লিখন কৰিছিল নীলিম মহন্তই । ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম উচ্চ দেৱালৰূপে পৰিগণিত অৰুণাচল প্ৰদেশৰ ৫০ সংখ্যক বৰ্ষপূৰ্তিত(50 years of Arunachal Pradesh’s formation) সচিবালয়ৰ দেৱালত নদীবান্ধে কেনেদৰে ৰাজ্যখনক সমৃদ্ধ কৰিছে সেই সন্দৰ্ভত চৰকাৰীভাৱে চিত্ৰ অংকন কৰা হৈছিল ।
সেই দেৱালৰ চিত্ৰৰ ওপৰতে NO BIG DAM লিখাৰ অভিযোগ চিত্ৰশিল্পীগৰাকীৰ বিৰুদ্ধে । এই সন্দৰ্ভত ইটানগৰ আৰক্ষী থানাত ৮০/২২ নম্বৰৰ আৰু ৪২৫/৩৪/৩ পি ডি পি পি জামিনবিহীন ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হয় । আনহাতে অৰুণাচলৰ যিটো বান্ধ বিৰোধী শিবিৰৰ আমন্ত্ৰণ ক্ৰমে নীলিম মহন্তই দেৱাল লিখন কৰিবলৈ গৈছিল সেই শিবিৰৰ এজন নেতাকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।